নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মণিৰাম দেৱান শ্মশান’ নে ‘কবৰস্থান’?

যোৱা ৩ মার্চত মোৰ এই শিতানতে লিখিছিলোঁ যে ২১ ফে’ব্রুৱাৰীত যোৰহাটত অনুষ্ঠিত, যোৰহাট জিলা সাহিত্য সভাৰ বার্ষিক অধিৱেশনৰ দ্বিতীয় দিনাৰ মুকলি সভাত যোগ দিয়াৰ পাছত, ২২ তাৰিখেও মই যোৰহাটতে ৰৈ গ’লোঁ৷ প্রধান উদ্দেশ্য, ভোগদৈ নৈৰ পূবে চেউনী আলিৰ উত্তৰ কাষে, ল’ৰালিৰেপৰা সততে দেখি থকা আৰু বিগত বহু বছৰ ধৰি দেখিবলৈ ‘নোহোৱা হোৱা’, ৰজাদিনীয়া ধেনুচোঁচা পুখুৰীটো, আৰু মণিৰাম দেৱানৰ ফাঁচীৰ পাছত দেৱানৰ শৱদেহটো তেখেতৰ বাৰীৰ ভিতৰতে লৰালৰিকৈ পুতি থোৱা ঠাইডোখৰ আকৌ এবাৰ চোৱা লগতে, সেই ‘শেষ কৃত্য থলী’ত কিবা স্মৃতি চিহ্ণ স্থাপন কৰা হ’লনেকি, তাকো চোৱা৷ লিখিছিলোঁ যে পুৱা বেলাতে সম্বন্ধীয়া ভাই ৰমেন ফুকনক লৈ ইফাল–সিফাল চলাথ কৰি, শেষত, পুণী, দল ঘাঁহ, জোপোহা, জাবৰ–জোঁথৰ আৰু প্লাস্তিকে পুতি নিশ্চিহ্ণ কৰিবলৈ ধৰা আৰু চাৰিওটা পাৰত অবৈধ দখলকাৰীয়ে ঘৰ–দুৱাৰ, দোকান–পোহাৰ আৰু ‘সামাজিক অনুষ্ঠান’ স্থাপন কৰি সৌন্দর্য বর্ধন কৰা তথা, শেহতীয়াকৈ কোনোবা অসমপ্রেমী, ইতিহাসপ্রেমী নির্মাণ বীৰে পকী বেৰেৰে বুকু ফালি ছিৰাছিৰ কৰি সেই বুকুৰ তেজ শুহি বহুমহলীয়া অট্টালিকা নির্মাণেৰে শ্রদ্ধা তর্পণ কৰি থকা আৰু জাতি–মাটি–ভেটি ৰক্ষাকাৰী চৰকাৰ বাহাদুৰৰ দ্বাৰা সংৰক্ষিত, ঐতিহাসিক পুখুৰীটো বিচাৰি উলিয়াওঁগৈ৷ ধেনুচোঁচা পুখুৰীৰ অৱস্থা দেখি আৰু ক্রন্দন শুনি,– সেমেকা চকুৱেদি বাগৰিব খোজা লোতক ৰুধি ৰুধি মইনাপৰীয়া নামঘৰ আৰু ঢ়েকীয়াখোৱা বৰনামঘৰলৈ গৈ সেৱা জনাই আৱর্ত ভৱনলৈ উভতিলোঁ৷ আগতীয়া বন্দোবস্ত মতে, মণিৰাম দেৱানৰ সমাধি স্থললৈ যোৱাৰ অর্থে বিয়লি ৩.২০ বজাত ৰমেন ওলালহি৷ ‘অব্ আগে’–’৷ ৩.৩০ বজাত আৱর্ত ভৱনৰপৰা ওলালোঁ৷
১৮১৭ চনত মানৰ প্রথম আক্রমণতে, ৰাজ মন্ত্রী পূর্ণানন্দ বুঢ়াগোহাঞি ডাঙৰীয়াই,– মানৰ হাতত বন্দী হোৱাৰ আশংকাত, নিজৰ আঙঠিৰ ভিতৰত সুমুৱাই ৰখা কালহীৰা চেলেকি আত্মহত্যা কৰিলে৷ বদন চন্দ্র বৰফুকনে,– ‘মন্ত্রী বৰফুকন’ হৈ গুৱাহাটী এৰি যোৰহাটত থাকি দেশ শাসন কৰিবলৈ ধৰিলে৷ ল’ৰামতীয়া ৰজা চন্দ্রকান্ত সিংহ আছিল দুর্বলচিতীয়া, কামুক, আত্মবিশ্বাসহীন আৰু ভয়াতুৰ ঃ মান ৰজা বডোফাৰ সেনাপতি আৰু বদনৰ নির্দেশ মতে উঠা–বহা কৰা পুতলা ৰজা৷ আনহাতে, ‘আইতাক’ (মাক) ৰাজমাও দেউতা আছিল বুদ্ধিমতী, ধীৰ–স্থিৰ, দূৰদর্শী আৰু দৃঢ়মনা মহিলা৷ তেখেতে বদনক প্রায় চকু পাৰি দেখিব নোৱৰাৰ উপৰি, নিজৰ পুত্র ৰজা চন্দ্রকান্তৰ প্রতিও তেখেতৰ বৰ সদ্ভাৱ আৰু বিশ্বাস নাছিল৷ তেখেতেই, বদন বৰফুকনক, বদন পুৱা বাহিৰ ফুৰিবলৈ যাওঁতে চুবেদাৰ ৰূপসিং বঙালৰ হতুৱাই হত্যা কৰাইছিল৷ ১৮১৮–’১৯ চনত মানে দ্বিতীয়বাৰ নিজাববীয়াকৈ অসম আক্রমণ কৰি দেশ ছাৰখাৰ কৰি প্রায় ত্রিশ হাজাৰ অসমীয়া মুনিহ–তিৰোতা,– মুনিহবোৰৰ হাতৰ তলুৱা লোহাৰ শলাৰে ফুটাই বান্ধি মানদেশলৈ লৈ গ’ল৷ বাটতে অনেক লোক মৰি–হাজি শেষ হ’ল৷
দেশৰ অৱস্থা অথিৰ–বিৰ৷ কোনেও কাকো বিশ্বাস নকৰে৷ চন্দ্রকান্ত সিংহ, ভয়ত ৰাজধানী এৰি, কেতিয়াবা ৰংপুৰত, কেতিয়াবা ভাটীৰ চিলমাৰিত৷ ইতিমধ্যে, পূর্ণানন্দ বুঢ়াগোহাঞিৰ মৃত্যুৰ পাছত, ৰাজমাও দেউতাৰ প্রিয়পাত্র,– পূর্ণানন্দৰ বৰপুত্র, ৰুচিনাথ বোলাজন বুঢ়াগোহাঞি হ’ল৷ ৰুচিনাথে চন্দ্রকান্ত সিংহক বাৰম্বাৰ মতা সত্ত্বেও স্বর্গদেউ ৰাজধানীলৈ নাহিল৷ দেশ, ৰজা আৰু প্রজাৰ এনে ন যযৌ, ন তথৌ অৱস্থাত বুঢ়াগোহাঞিয়ে পূর্বৰ ৰাজেশ্বৰ সিংহ স্বর্গদেৱৰ তৃতীয় প্রজন্মৰ বংশধৰ ব্রজনাথ গোহাঁইদেউক চিলমাৰিৰ পৰা মতাওঁতে, নিজৰ অংগত খুঁত থকা হেতুকে ব্রজনাথে পুতেক পুৰন্দৰ গোহাঁইদেউকে আগুৱাই দিলে৷ বুঢ়াগোহাঞি আৰু অন্যান্য ডা–ডাঙৰীয়া, বিষয়াসৱে পুৰন্দৰকে ‘যুৱৰাজ’ পাতিলে৷ চন্দ্রকান্ত সিংহক বাৰম্বাৰ মতোৱা সত্ত্বেও স্বর্গদেউ নহাত, বুঢ়াগোহাঞিয়ে তেখেতক ৰংপুৰতে থাকিবলৈ ক’লে আৰু ১৮১৭ চনৰে শেষৰ ফালে ডা–ডাঙৰীয়া আটায়ে যুৱৰাজ কোঁৱৰ পুৰন্দৰ গোহাঁইকে সেৱা কৰি পুৰন্দৰ সিংহ নাম দি ৰজা পাতিলে৷ ইফালে, তুংখুঙীয়া ফৈদৰ আন এটা ঠালৰ, বগা কোঁৱৰৰ পৰমা সুন্দৰী জীয়েক ভামো (হেমো) আইদেউক বিয়া কৰা বডোফাৰ নির্দেশত মিঙিমাহা তিলোৱাই ১৮২১ চনত আইদেউৰ ককায়েক যোগেশ্বৰ কোঁৱৰকো যোগেশ্বৰ সিংহ নাম দি ৰজা পতালে৷ দৰাচলতে চন্দ্রকান্ত সিংহ (২য় বাৰ), আৰু যোগেশ্বৰ সিংহ দুয়োজন ‘মানে পতা ৰজা’৷ অধিক কি, চন্দ্রকান্ত সিংহ, পুৰন্দৰ সিংহ, আৰু যোগেশ্বৰ সিংহ এই তিনিওজনা, শিঙৰি ঘৰত উঠিবলৈ নোপোৱা আধা ৰজা ঃ ‘হাফ্ কিং স্বর্গদেউ’ বহিবলৈও কাৰো সিংহাসন একোখন নাই৷ ৰাজ্যৰ কোন খণ্ডত কোন কাৰ ওপৰত কিয় ৰজা হৈ আছিল, ভগৱন্ত বস্তু আৰু বডোফাইহে জানিছিল৷ এয়া হ’ল ‘ইন্দ্র (লেংডন) বংশীয়’ স্বর্গদেউসকলৰ গৌৰৱোজ্জ্বল ৰাজত্বৰ ইতিহাসৰ বেলিমাৰ ঃ বিদেশী শত্রুৰ আক্রমণতকৈও ভয়ংকৰ, গৃহ কন্দলৰ ফল
মোৱামৰীয়া বিদ্রোহৰ ফলত ৰংপুৰলৈ তুলি অনা ৰাজধানী যোৰহাটৰ মানৰ উপদ্রৱত বিধ্বস্ত ৰাজধানী যোৰহাটৰ, সেয়ে, গড়গাঁও আৰু ৰংপুৰৰ দৰে যথাসম্ভৱ শুদ্ধ আৰু বিতং বিৱৰণী নাই বেছিভাগ আধৰুৱা, সেয়াও জনশ্রুতি নির্ভৰ৷ কাৰো যেন ৰাপ, গৰজ, কেৰেপ একো নাই৷ মাছৰ বাবে ভোগৰ আকৰ ভোগদৈ এতিয়া ৰাজস্থানী, বিহাৰী আৰু হৰেক বাৰেবিজতৰীয়া বণিয়াৰ বাবে এক পূতিগন্ধময় বৃহৎ নর্দমা৷ যোৰহাট ঃ প্রফুল্ল চন্দ্র বৰুৱাৰ প্রফুল্ল চিত্তৰ যোৰহাট বিজয় কৃষ্ণ সন্দিকৈৰ বিজয় স্তম্ভ যোগেন শইকীয়াৰ ৰাজনৈতিক যোগ ফল দুলাল বৰুৱাৰ নন্দ দুলাল যেন যোৰহাট তৰুণ গগৈয়ে বিশৃংখলাৰে চিৰতৰুণ কৰি থৈ যোৱা যোৰহাট কামাখ্যা তাছাৰ তাছপাতৰ যোৰহাট ৰাণা প্রতাপ ৰাণা গোস্বামীৰ যোৰহাট জিলা আৰু জিলা সদৰৰ চমৎকাৰ হিত সাধনকাৰী হিতেন্দ্র গোস্বামীৰ যোৰহাট৷ পিচে, মই নোৱাৰোঁ৷ খাৰঘৰীয়া ফুকনৰ ঘৰৰ জীয়ৰী আইৰ জন্ম স্থান যোৰহাটৰ অৱস্থাই মোৰ বুকু ফালি ছিৰাছিৰ কৰে৷ কিন্তু এতিয়া মাথোন যোৰহাট নহয়, গুৱাহাটীৰ পৰা আৰম্ভ কৰি সমগ্র অসম ম’ম’, চাও মিন্, হট্ ডগ্, বাটা(ৰ্) পনীৰ মছলা, ফাস্ত্ ফূড্ কর্না(ৰ্), বাইক্, সূকটী, বুলে’ট্, মৌবাইল্, লেপ্টপ্, ইণ্ট্(ৰ্)নে’ট্, শSho)পিং মলৰ লীলাভূমি৷ তাত কিহৰ ধেনুচোঁচা?
সন্দেহ, অবিশ্বাস, মনোমালিন্য সত্ত্বেও, মানৰ তৃতীয় আক্রমণৰ সময়ত হাদিৰাচকীৰ যুঁজত, চন্দ্রকান্ত সিংহ আৰু পুৰন্দৰ সিংহ দুয়োৱে পাঞ্জাব কেশৰী ৰঞ্জিৎ সিঙৰ দ্বাৰা প্রেৰিত ত্রিশ হাজাৰ শিখ সেনাৰ সহায়ত মানৰ বিৰুদ্ধে প্রাণপণে যুঁজে৷ কিন্তু সেই যুঁজত আহোমৰ সম্পূর্ণ বেলিমাৰ৷ তাৰ পাছত ১৮২১ চনৰ পৰা ১৮২৪ চনলৈ অসমত সম্পূর্ণ ‘মানৰ দিন’৷ মানৰ আকল ক্রমাৎ বাঢ়ি যোৱাত শেষত সিহঁতে ব্রিটিশ্ ভাৰতৰ সীমাত হাত দিয়েগৈ৷ ফলত মান আৰু ব্রিটিশৰ মাজত কেইবা ঠাইতো কেইবাখনো যুঁজ, আৰু, সদৌ শেষত, মান দেশ (ম্যানমাৰ)ৰ য়াণ্ডাবু নামে ঠাইত য়াণ্ডাবু সন্ধি আৰু অসমৰ অমাৱস্যা৷
ক’ৰ স্বর্গদেউহঁত ক’লৈ গ’ল? যোগেশ্বৰ সিংহই,– কিছুদিন অনাই–বনাই ঘূৰি ঘূৰি, অৱশেষত ১৮২৫ চনত যোগীঘোপাত শেষ নিশ্বাস এৰিলেগৈ৷ দেহাটোৰ কি হ’ল, ক’ৰবাত কোনোবাই সেইটো মৈদামকে দিলে, নে, আন কিবা কৰিলে, তাৰে বা ক’ৰবাত কিবা চিন–চাব্ আছে, নে নাই, নে সেইটো যোগীঘোপাৰ মৃত কাগজ কলৰ তলত কিম্বা কয়লাৰ ক’লা বজাৰৰ তলত চিৰ নিদ্রাত মগন, তাৰে বা ইয়ত্তা ক’ত মান দেশত বডোফাৰ ৰাজ ৰাজেশ্বৰী হোৱা সুন্দৰী ভনীয়েক ভামো আইদেৱে বা কিবা বতৰা পালে, নে নাপালে
চন্দ্রকান্ত সিংহক ব্রিটিশে মাহিলি পাঁচশ টকীয়া পে’ন্শ্ন্ এটা দি গুৱাহাটীত ব্রহ্মপুত্রৰ পাৰত জাহাজঘাট (পানী কল)ৰ বিপৰীতে কেইবিঘামান মাটিত বাৰী পাতি থাকিবলৈ দিলে৷ সেয়ে, উজান বজাৰ ৰাজবাৰী৷ চন্দ্রকান্ত সিংহৰ পুতেক যুৱৰাজ ঘনকান্ত সিংহ৷ ঘনকান্তৰ পুতেক, যুৱৰাজ কেশৱকান্ত৷ কেশৱকান্তৰ পুত্র নাছিল৷ দুগৰাকী জীয়েক আছিল৷ দুঠাইলৈ বিয়া হ’ল৷ চন্দ্রকান্ত সিংহৰ পোনপটীয়া বংশ লুপ্ত হ’ল৷ এতিয়া ‘ৰাজবাৰী’ত একাধিক বহুমহলীয়া ঘৰ৷ সন্মুখৰ মাটিখিনি চেমনীয়া ল’ৰাৰ ক্রিকে’টৰ খেল মাটি৷
পুৰন্দৰ সিংহ যোৰহাটতে থাকিল৷ ব্রিটিশ্ চৰকাৰে দিয়া পাঁচশ টকীয়া মাহিলি পে’ন্শ্ন্ তেওঁ নল’লে৷ পাছত ১৮৩৩ চনত চৰকাৰে তেওঁক উজনি অসম (তদানীন্তন, অবিভক্ত শিৱসাগৰ আৰু লক্ষীমপুৰ জিলা) খণ্ডৰ শাসন ভাৰ দিয়ে৷ বন্দোবস্ত আছিল,– তাৰ বিনিময়ত তেওঁ চৰকাৰক বছৰি পঞ্চাশ হাজাৰ টকাৰ ‘লালবন্দী’ শোধাব লাগিব৷ কিন্তু মোৱামৰীয়া বিদ্রোহ আৰু মানৰ অত্যাচাৰত বিধ্বস্ত ৰাজ্যৰ, কঁকাল ভাগি যোৱা প্রজাৰ তেতিয়া একো কৰ–কাটল শোধাব পৰা শক্তি নাছিলগৈ৷ সেয়ে, পুৰন্দৰ সিংহই তেওঁৰ বিষয়া আৰু টেকেলাৰ হতুৱাই প্রজাক জোৰ–জুলুম আৰু অত্যাচাৰ কৰি, ঘৰুৱা অস্থাৱৰ সা–সম্পত্তি বাজেয়াপ্ত কৰিও চৰকাৰক লালবন্দী শোধাই আছিল৷ শেষত, দেৱলীয়া ৰাজ্যৰ দেৱলীয়া প্রজাৰপৰা কৰ–কাটল আদায় কৰি চৰকাৰক লালবন্দী পৰিশোধ কৰিব নোৱৰা হোৱাত, চৰকাৰে ১৮৩৮ চনত পুৰন্দৰ সিংহৰপৰা উজনি খণ্ডৰ শাসন ভাৰ সম্পূর্ণ ৰূপে নিজৰ হাতলৈ আনে৷ পুৰন্দৰ সিংহৰ এজন ঘাই পৰামর্শদাতা আছিল, ‘কলিতা ৰজা মণিৰাম দেৱান’ ৰূপে খ্যাত, অতি বুদ্ধিমান আৰু চতুৰ, ‘মণিৰাম দত্ত সাধনিয়াৰ বৰভাণ্ডাৰ বৰুৱা (আসাম টী কাম্প্নিৰ–) দেৱান’৷ কোনো কোনো বুৰঞ্জীবিদ আৰু অন্যান্য লোকৰ মতে, পুৰন্দৰ সিংহৰ কিছুমান অশুভ কর্মৰ ছিটিকনি, দেৱানৰ গাতো পৰে৷ পৰৱর্তী সময়ত দেৱানৰ ফাঁচী পশ্চাদপটক লৈও কিছু কিছু ভিন্ন মত আৰু বাদানুবাদ তথা পৰিয়ালভিত্তিক পাৰস্পৰিক মতানৈক্য আৰু অসন্তুষ্টি আছে৷ সেইবোৰ সুকীয়া কথা৷ কিন্তু এই বিষয়ে সন্দেহ নাই যে মণিৰাম আছিল এজন অত্যন্ত উদ্যোগী, বিচক্ষণ, সুচতুৰ আৰু দেশপ্রেমিক সম্ভ্রান্ত লোক৷ তেৱেঁই আছিল প্রথম অসমীয়া চাহ খেতিয়ক৷
মাত্রাধিক মানসিক চাপত আক্রান্ত আৰু ভোগ বিলাসত মত্ত হৈ মধুমেহত ভুগি থকা পুৰন্দৰ সিংহই, ১৮৪৭ চনৰ বিজয়া দশমীৰ দিনা মৃত্যু বৰণ কৰে৷ ডা–ডাঙৰীয়া, বিষয়া যি আছিল, আটায়ে সেৱা জনাই, ভোগদৈৰ কিছু আঁতৰত স্বর্গদেৱক মৈদাম দিলেগৈ৷ বছৰদিয়েক পাছতে স্বর্গদেৱৰ পুত্র, যুৱৰাজ কামেশ্বৰ সিংহৰো মৃত্যু ঘটাত তেওঁকো পিতৃ ৰজাৰ মৈদামৰ কাষতে মৈদাম দিয়া হয়৷ সেই যুৰীয়া মৈদামেয় (‘হ’ ধাতুৰ ক্রিয়া ৰূপ ‘হয়’টো উহ্য) যোৰহাটৰ ৰজা মৈদাম৷ কিছু আঁতৰত অধুনা ‘বিখ্যাত’ লতিফ কল’নী যুৱৰাজ কামেশ্বৰ সিংহৰ পুত্র তথা পুৰন্দৰ সিংহ স্বর্গদেৱৰ নাতি আছিল ‘চাৰিং ৰজা’ কন্দর্পেশ্বৰ সিংহ৷ কন্দর্পেশ্বৰ সিংহৰ, নৰেশ্বৰ সিংহ আৰু কুমুদেশ্বৰ সিংহ নামে দুজন পুত্র আছিল৷ দুয়োজনৰে অকাল মৃত্যু ঘটাত পুৰন্দৰ সিংহৰ বংশও লুপ্ত হ’ল৷ যোৰহাট আৰু গড়মূৰ মৌজাৰ প্রয়াত মৌজাদাৰ তথা লিখক অজিত নাৰায়ণ সিংহ আৰু তস্য ভাতৃ, বর্তমান মৌজাদাৰ, আলোক নাৰায়ণ সিংহ হ’ল পুৰন্দৰ সিংহৰ ভায়েক ৰাধানাথ কোঁৱৰৰ ঠালটোৰ বংশধৰ৷ মেৰী মাতৃ ভূমিকে আদৰ্ণীয় সজ্জনো,– সুন্নে’ চাহতে’ হঁ্যেয় কলংক্ ভৰা হুৱা ইতিহাসকী কহানী? থোড়াসা থেহেৰিয়ে৷
ফোন: ৯৮৬৪৩–৬৯৮২১

You might also like