নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত “স্ব-নির্ভৰ নাৰী”ৰ হস্ততাঁত সামগ্ৰী ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন উপায়ুক্তৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী: ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প বিভাগৰ ৰাজ্যিক ধ্বজাবাহী আঁচনি “স্ব-নির্ভৰ নাৰী”ৰ অধীনত তিনিচুকীয়া জিলাৰ হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত মুকলি কৰা হস্ততাঁত সামগ্ৰীৰ ক্ৰয় কেন্দ্ৰৰ আজি শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে। উপায়ুক্ত পৱাৰে এই বিক্ৰী কেন্দ্ৰৰ জৰিয়তে তিনিচুকীয়া জিলাৰ শিপিনী সকল আর্থিকভাবে যথেষ্ট উপকৃত হ’ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়, শদিয়া আৰু শিপিনী সম্প্রসাৰণ সেৱা কেন্দ্র মাৰ্ঘেৰিটাতো একোটাকৈ হস্ততাঁত সামগ্ৰীৰ ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আঁচনিদ্বাৰা ক্ৰয়ৰ সময় সীমা ১৩ জানুৱাৰীৰ পৰা ১৫ কর্ম দিনলৈ ধার্য্য কৰা হৈছে। প্রয়োজন সাপেক্ষে এই সময়সীমা পৰৱর্তী ১৫ কর্মদিনলৈ বৃদ্ধি কৰা হ’ব পাৰে। আজিৰ এই ক্ৰয় কেন্দ্ৰৰ শুভাৰম্ভনী অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ৰেচম বিভাগ আৰু উদ্দ্যোগ বিভাগৰ বিষয়াৰ লগতে হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ সমূহ বিষয়া- কৰ্মচাৰী আৰু তিনিচুকীয়াৰ বিভিন্ন অঞ্চলৰ পৰা অহা শিপিনীসকলে অংশ গ্রহণ কৰে। এই ক্ৰয় অনুষ্ঠানটিৰ জৰিয়তে আজিৰ দিনটোত প্রায় ১২ লক্ষাধিক টকাৰ গামোচা ক্রয় কৰা হয় ।

প্ৰেৰক বিবেক বড়া

You might also like