নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঞ্চয়ৰ সুফল : দহ টকীয়া মুদ্ৰাৰে বাহন ক্রয় সোণাৰিৰ ছহিদুলৰ

বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : দহ টকীয়া মুদ্ৰাৰে বাহন ক্ৰয় কৰিলে সোণাৰিৰ এজন যুৱকে। শুনিবলৈ আচৰিত লাগিলেও কথাটো সম্পূৰ্ণ সত্য। সোণাৰি নগৰৰ সমীপৰ ভজো অঞ্চলৰ নিবাসী ছহিদুল হক নামৰ যুৱকজনে জমা কৰা ১০ টকীয়া মুদ্ৰাৰে এখন চাৰিচকীয়া বাণিজ্যিক বাহন ক্ৰয় কৰি পূৰণ কৰিলে নিজৰ দীৰ্ঘদিনীয়া সপোন। ডিব্ৰুগড় চহৰৰ বড়া অটোমোবাইল নামৰ প্ৰতিষ্ঠানটোৰ পৰা কালি যুৱকজনে ১০ টকীয়া ১৫,০০০টা মুদ্ৰাৰ ১ লাখ ৫০ হাজাৰ টকাৰে অগ্রীম ধনত ক্রয় কৰিবলৈ সক্ষম হয় টাটা এচি ইন্ট্ৰা নামৰ বাণিজ্যিক বাহনখন। জানিব পৰা মতে, যুৱকজনে দীৰ্ঘদিনৰ পৰা পুহি ৰাখিছিল নিজৰ সাঁচতীয়া ধনেৰে এখন বাণিজ্যিক বাহন ক্ৰয় কৰাৰ। যাৰ বাবে যুৱকজনে প্রতিদিনেই সঞ্চয় কৰি আহিছিল দহ টকীয়া মুদ্রা। এটা-দুটা কৰি প্ৰায় ১৫ হাজাৰ মুদ্ৰা একগোট কৰি কেইবাটাও বস্তাত ভৰাই আনি ডিব্ৰুগড়ৰ শ্ব’ কমটোলৈ আনে ছাহিদুলে। এই মুদ্রাকেইটা গণিবলৈ প্ৰায় তিনি ঘণ্টাৰো অধিক সময়ৰ প্রয়োজন হৈছিল বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ সঞ্চয় কৰা খুচুৰা টকাৰে বাণিজ্যিক বাহনখন ক্ৰয় কৰি একপ্ৰকাৰ উৎফুল্ল হৈ পৰিছে যুৱকজন। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও যুৱকজনে এনেদৰে দহ টকীয়া মুদ্ৰা সাঁচি ৰাখি পাছত এখন দুচকীয়া বাহন ক্ৰয় কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

প্ৰেৰক দীপাংকৰ পাল

You might also like