ভট্টদেৱ বিশ্ববিদ্যালয়ত আলোচনা-চক্ৰৰে প্ৰাক্-Y-20 অনুষ্ঠানৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ে জি-২০ সন্মিলনীৰ সজাগতা সন্দৰ্ভত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানৰ আজি শেষৰটো দিনত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক শৰৎ চন্দ্ৰ তালুকদাৰে আৰম্ভণি কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপিকা অৰ্চনা ভট্টই৷ আলোচনা চক্ৰখনত অধ্যক্ষ হিচাপে উপস্থিত থাকে গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বিনীতা বৰা দেৱ চৌধুৰী৷ “উদ্যমিতা বিষয়ক মানসিকতাৰ সৃষ্টিয়ে যুৱ সমাজক চাকৰি সন্ধানকাৰী হোৱাৰ পৰিৱর্তে ই নিয়োজন, উদামী আৰু চাকৰি সৃষ্টিকাৰী কৰি গঢ়ি তোলাত সহায় কৰে” শীৰ্ষক আলোচনাচক্ৰ খনৰ সমল ব্যক্তি তথা ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰে ছাত্ৰ ছাত্ৰীক উদ্যমী মানসিকতা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ গঠনমূলক উপদেশ প্ৰদান কৰে৷ তালুকদাৰে তেখেতৰ ভাষণত ছাত্ৰ – ছাত্ৰীক বজালী অঞ্চলৰ যুৱ প্ৰজন্মৰ পৰা ওলাই অহা প্ৰতিনিধিৰ সফল ব্যৱসায় গঢ়াৰ উদাহৰণ দাঙি ধৰে৷ বজালীৰ বৃন্দাবন, ত্ৰিনয়ন বেকাৰী, জোনা তামূলী বৰ্মন, বিজিত চৌধুৰী, ট্ৰেভেল এজেঞ্চী Eastern fiesta, Subhomangala কে আদি কৰি বিভিন্ন উদাহৰণ তালুকদাৰে দাঙি ধৰে৷ আলোচনাচক্ৰখনৰ অধ্যক্ষ ড৹ বিনীতা বৰা দেৱ চৌধুৰীয়েও বজালী অঞ্চলত ব্যৱসায় গঢ়ি উঠিব পৰা বিভিন্ন সম্ভাৱনাময় ক্ষেত্ৰৰ কথা উল্লেখ কৰে৷ সমল ব্যক্তিৰ বক্তৃতাৰ শেষত ছাত্ৰ – ছাত্ৰী সকলৰ মাজৰ পৰা NEP2020, Startup one District One product আঁচনিৰ ওপৰত সুস্মিতা শৰ্মা, খুচবু ডেকা, অয়না বৈশ্য, সাগৰিকা হাজৰিকা, বীনেশ্বৰ বড়ো, পৰাগমণি আদিত্য, ৰিতুপৰ্ণা দাস আৰু ৰাহুল বৈশ্যই গৱেষণা পত্ৰ পাঠ কৰে৷ আলোচনা চক্ৰৰ শেষত অংশগ্ৰহণকাৰী সকলক প্ৰমাণপত্ৰ প্ৰদানৰ লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজনকৰা কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ ছাত্ৰ কল্যাণ পৰিষদৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড° পৰাগ বৰ্মণৰ তত্বাবধানত বিতৰণ কৰা হয়৷ ইয়াৰ পূৰ্বে পহিলা ফেব্ৰুৱাৰীত অনুষ্ঠিত “ভাৰত চৰকাৰৰ এখন জিলা এবিধ উৎপাদন নীতিয়ে গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈ হোৱা প্ৰব্ৰজন বিপৰীত মূখী হব” বিষয়ক তর্ক প্রতিযোগিতাখনত বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী সুস্মিতা শৰ্মাই প্ৰথম পুৰস্কাৰ আৰু ইংৰাজী বিভাগৰ ষষ্ঠ ষান্মাসিকৰ চাইনী খাতুনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷ উল্লেখ্য যে জি২০ শীৰ্ষক সন্মিলনৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ ভট্টদেৱ বিশ্ববিদ্যালয়ে যোৱা ৩০ আৰু ৩১ জানুৱাৰীত ক্ৰমে চাইকেল ৰেলী, Role of Health, Wellbeing and Sports in Development of Youth শীৰ্ষক এখন কৰ্মশালাৰ লগতে কুইজ প্ৰতিযোগিতা এখনৰো আয়োজন কৰা হয়৷ কুইজ প্ৰতিযোগিতাত ক্ৰমে দীক্ষিতা দাস, নিহাৰিকা শৰ্মা, নিকিতা চৌধুৰী, পৰিস্মিতা ৰয়, বন্দিতা ডেকা, হিমাশ্ৰী শৰণীয়া, ৰাণা দাস আৰু তৃষ্ণাংগী গোস্বামীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷
প্ৰেৰক কল্যাণ কলিতা