নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত তৰ্ক প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ জি-২০ সন্মিলনৰ অংশ হিচাপে অসমত হ’বলগীয়া ইয়ুথ-২০ (ৱাই-২০) বৈঠকৰ সৈতে সংগতি ৰাখি আজি ধুবুৰী জিলাৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ অংশগ্ৰহণেৰে ধুবুৰীৰ ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহত আন্তঃ মহাবিদ্যালয় পৰ্য্যায়ৰ এখন তৰ্ক প্ৰতিযোগিতা অনু্ষ্ঠিত হয়। ধুবুৰী জিলাত চৰকাৰে ন’ডেল মহাবিদ্যালয়ৰ দায়িত্ব দিয়া ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ কলেজৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সৌজন্যত আয়োজিত আজিৰ সেইতৰ্ক প্ৰতিযোগিতাখনত মুঠ ৯ খন মহাবিদ্যালয়ৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশ লয়৷ “অসমৰ যুৱ প্ৰজন্মৰ স্বনিয়োজনৰ ক্ষেত্ৰত নতুন শিক্ষা নীতি এক আশীৰ্বাদ’ শীৰ্ষক এই তৰ্ক প্ৰতিযোগিতাখনত অধ্যক্ষতা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডঃ বিদুলা শৰ্মাই৷ উল্লেখ্য যে, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা আজিৰ সেই তৰ্ক প্ৰতিযোগিতাখন ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তীৰ আদৰণি ভাষণেৰে শুভাৰম্ভ ঘটে। আজিৰ সেই তৰ্ক প্ৰতিযোগিতাত দলীয় ভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে ভোলানাথ মহাবিদ্যালয়ৰ ৰাহুল ৰয় আৰু অমৃত পালে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ বনশ্ৰী দে’ আৰু হাফিজা খাতুনে৷ প্ৰতিযোগিতাখনৰ তৃতীয় পুৰস্কাৰ লাভ কৰে ধুবুৰী জিলাৰ সাপটগ্ৰাম মহাবিদ্যালয়ৰ প্ৰেৰণা দত্ত আৰু পৰমজিৎ ৰয়ে৷ ভোলনাথ মহাবিদ্যালয়ৰ ডালিমী ৰয়ে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ সত্যজিৎ মণ্ডলে৷ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ভোলনাথ কলেজৰ অধ্যক্ষ, প্ৰতিযোগিতাৰ অধ্যক্ষ আৰু বিচাৰক প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি৷ কাইলৈ ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহতে ‘পৰিবেশ পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সম্পদ ব্যৱস্থাপনাৰ বিকল্প পদ্ধতিত ইয়াৰ ভূমিকা’ শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ক্ৰমে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ জগদীন্দ্ৰ ৰয়চৌধুৰী আৰু পৰিবেশবিদ, লেখক তথা “নেচাৰ্ছ বেকন”ৰ সঞ্চালক সৌম্যদ্বীপ দত্ত। জানিব পৰা মতে, কালিৰ সেই আলেচনাচক্ৰত কেবাগৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন পত্ৰ পাঠ কৰিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like