নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজেপি–ৰাইজৰ দলৰে মিত্রতাৰ আশা এৰা নাই কংগ্রেছে

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ কালিৰে পৰা অসম ভ্রমণত থকা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে আসন্ন বিধানসভা নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু জনগোষ্ঠীয় সংগঠনৰ পৰা সহায়–সহযোগিতা বিচাৰি বিভিন্নজনৰ সৈতে মাৰাথন বৈঠকত মিলিত হৈছে৷ মহানগৰীৰ সমীপৱর্তী স্প্রীংভেলী ৰিজ’টত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়কগৰাকী কেইবাখনো বৈঠকত মিলিত হৈ মিত্রতাৰ কুচকাৱাজ অব্যাহত ৰাখিছে৷

প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, কালি তেওঁ আছা আৰু আটছাৰ দুটা প্রতিনিধি দলৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হয়৷ মূলতঃ আসন্ন বিধানসভা নির্বাচনত তেওঁলোকৰ সহায়– সহযোগিতা বিচৰাৰ লগতে তেওঁলোকৰ আশা–আকাংক্ষা আদি সম্পর্কতো মত বিনিময় কৰে৷ সেইদৰে কালিয়েই দলৰ একাংশ বিধায়কৰ সৈতেও আলোচনাত মিলিত হৈ অহা বিধানসভা নির্বাচনত কেনেধৰণৰ ৰণনীতি গ্রহণ কৰিব লাগিব, সেই সম্পর্কতো মত বিনিয়ম কৰে৷ আজি সন্ধিয়াৰ ভাগত তেওঁ স্প্রীংভেলী ৰিজ’টতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, ৰাণী নৰহ, এআইচিচিৰ সম্পাদক ভূপেন কুমাৰ বৰা, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনকে ধৰি আন একাংশ বিধায়কৰ সৈতে তেওঁ এখন বৈঠকত মিলিত হয়৷ আজিৰ বৈঠকখনতো অহা বিধানসভা নির্বাচনত দলে কেনেধৰণৰ ৰণনীতি গ্রহণ কৰি কোন কোন ৰাজনৈতিক দল আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতে উমৈহতীয়াভাৱে বুজাবুজিৰে নির্বাচনত অৱতীর্ণ হ’লে দল লাভান্বিত হ’ব, সেই সম্পর্কত মতামত গ্রহণ কৰে৷ ইয়াৰ পূর্বেই আজি তেওঁ খাৰঘুলিৰ ডনবস্ক’লৈ গৈ খ্রীষ্টানধর্মী একাংশ লোকৰ সৈতেও আন এখন বৈঠকত মিলিত হয়৷ কাইলৈ তেওঁ দিনৰ ভাগত কেইবাখনো দলীয় বৈঠকত মিলিত হৈ সন্ধিয়াৰ ভাগত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদকসকলৰ সৈতে আন এখন বৈঠকত মিলিত হ’ব৷ অহা ১১ জানুৱাৰীত সৰুক্ষেত্রীত বুথ সন্মিলন এখনত অংশগ্রহণ কৰি সন্ধিয়াৰ ভাগত প্রদেশ কংগ্রেছৰ সম্পাদকসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ ১২ জানুৱাৰীত প্রদেশ কংগ্রেছৰ উপ–সভাপতি আৰু কার্যকৰী সদস্যসকলৰ সৈতে মত বিনিময় কৰিব৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, এই বৈঠকসমূহৰ জৰিয়তে তত্ত্বাৱধায়ক সিঙে দলৰ সাম্প্রতিক স্থিতি অৱগত হোৱাৰ লগতে আসন্ন নির্বাচনত বুজাবুজি কৰা সম্পর্কত মত বিনিময় কৰাৰ বাবেই এই পদক্ষেপ গ্রহণ কৰিছে৷ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, কংগ্রেছৰ বহুচর্চিত মহাজোঁট এতিয়াও গঠন হোৱা নাই যদিও দলে তৎপৰতা এৰি দিয়া নাই৷

আনকি বাৰে বাৰে কংগ্রেছৰ প্রস্তাৱ প্রত্যাখান কৰি অহাৰ পাছতো কংগ্রেছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে নির্বাচনৰ পূর্বে নহ’লেও নির্বাচনৰ পাছত মিত্রতা কৰাৰ দুৱাৰ খোলা ৰাখিছে৷ সেই দল দুটাৰ সৈতে তেনেধৰণৰ বুজাবুজিত উপনীত হ’লেই প্রয়োজনত দলে সমষ্টিভেদে বুজাবুজি অথবা সবল প্রার্থী–দুর্বল প্রার্থী থিয় কৰাই গোপনে মিত্রতাৰ প্রক্রিয়া আগবঢ়াই নিব৷ একেদৰে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সৈতেও অনুৰূপ ধৰণে মিত্রতাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে কংগ্রেছে যোগাযোগ অব্যাহত ৰাখিছে৷ দলটোৰ এই স্থিতিৰ বিষয়টো স্পষ্ট হৈছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি সংবাদ মাধ্যমৰ আগত কৰা ভাষ্যতেই৷ সভাপতি বৰাই প্রকাশ কৰা অনুসৰি কংগ্রেছৰ মিত্রতা অকল এআইইউডিএফৰ লগত নহয়, বিজেপিবিৰোধী সকলো শক্তিৰ লগত মিত্রতা কৰাৰ বাবে কংগ্রেছৰ প্রচেষ্টা অব্যাহত আছে৷ অৱশ্যে এই মিত্রতা সম্পর্কত চূড়ান্ত সিদ্ধান্ত দলৰ হাইকমাণ্ডেহে গ্রহণ কৰিব৷ সভাপতি বৰাৰ মতে, অহা নির্বাচন হৈছে অসমীয়া জাতিৰ অস্তিত্বৰ নির্বাচন৷ অসমীয়া জাতিৰ সাহিত্য–সংস্কৃতিৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰাৰ নির্বাচন৷ তাৰ বাবে কংগ্রেছে বিজেপিবিৰোধী সকলো শক্তিৰ সৈতে মিত্রতা কৰাৰ বাবে দুৱাৰ খোলা ৰাখিছে৷

সূত্রটোৱে জানিবলৈ দিয়া মতে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে মিত্রতা কৰাৰ বাবে কংগ্রেছে এতিয়াও যোগাযোগ অব্যাহত ৰাখিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে পৰহি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই জাগীৰোডত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে মিলিত হয়৷ সেইদৰে দলৰ এগৰাকী সাংসদে ৰাইজৰ দলৰ এজন নেতাৰ সৈতে বর্তমান পূর্ণ যোগাযোগত আছে৷ বিপিএফৰ সৈতেও যোগাযোগ পূর্ণগতিত চলাই আছে৷ কংগ্রেছৰ এই প্রচেষ্টা কিমানদূৰ সফল হয়, সেয়া সময়তহে ক’ব পৰা যাব৷

You might also like