নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত বিশাল বাইক ৰেলীৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী ৰণডংকা

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অসমৰ ভাষা–সংস্কৃতি–কৃষ্টি যিসকলে ধ্বংস কৰিব বিচাৰিছে, সেইসকলৰ বিৰুদ্ধে যুঁজ দিব বিজেপিয়ে৷ বিজেপিৰ যুদ্ধ হ’ব সেইসকলৰ বিৰুদ্ধে, যিসকলে কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰিব বিচাৰিছে, অসমৰ ভাষা–সংস্কৃতিক নিজৰ ধৰণেৰে পৰিৱর্তন কৰি অসমত মিঞা কবিতা প্রৱর্তন কৰিব খোজে৷ –গোলাঘাটৰ ঊষা গৰঙা বাগিচা খেলপথাৰত  অনুষ্ঠিত বিজেপিৰ বিশাল যোগদান সভাত উদাত্ত কণ্ঠেৰে এই মন্তব্য কৰিলে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয়– শাসনৰ গাদীত থাকিবৰ বাবে কংগ্রেছ দলে আজমলৰ ওচৰত অসমখন বন্ধকত থ’ব খোজে৷ অসমীয়া জাতি–ভাষা–সংস্কৃতিক্ বিক্রী কৰিব খোজা কংগ্রেছ দলে এতিয়া আজমলৰ প্রেমত পৰিছে৷ কিন্তু শেষ বিন্দু তেজ থকালৈকে আজমলক দিছপুৰৰ ডেৰশ মিটাৰ দূৰত্বত ৰাখি থ’ব বিজেপিৰ শ শ কর্মীয়ে৷ বিধানসভা নির্বাচনক লক্ষ্য কৰি গোলাঘাটত ৰণডংকা বজোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই বিশাল যোগদান সভাত ১৫ হাজাৰ কংগ্রেছ কর্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সদ্যবিজেপি নেত্রী তথা প্রাক্তন মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান সভাৰ পূর্বে আজি গোলাঘাট নগৰৰ মাজেৰে প্রায় ১৫ কিলোমিটাৰ পথ বাইক চলাই বিশাল ৰেলী কৰে মন্ত্রীগৰাকীয়ে৷ ইয়াৰ পাছতে ঊষা গৰঙাৰ সভাত উদাত্ত ভাষণ প্রদান কৰি তেওঁ কয়– কংগ্রেছ দলে আজমলক মুখ্যমন্ত্রীৰ আসনত বহুৱাই ক্ষমতা দখলৰ সপোন দেখিছে৷ কিন্তু বিজেপিৰ চৰকাৰ দিছপুৰত থকালৈকে, বুকুত শেষ বিন্দু তেজ থকালৈকে আজমলক দিছপুৰৰ ডেৰশ মিটাৰ দূৰত্বত ৰাখি থ’ম৷ বিজেপিৰ যুদ্ধ হ’ব কাজিৰঙাত গঁড় হত্যা কৰাসকলৰ বিৰুদ্ধে৷

বিজেপিৰ যুদ্ধ অসমখনক আজমলৰ ভৰিৰ তলত উপহাৰ দিব খোজাসকলৰ বিৰুদ্ধে৷ সভাত কংগ্রেছ আৰু এ আই ইউ ডি এফক তুলাধুনা দি মন্ত্রীগৰাকীয়ে কয়– অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে বিজেপি চৰকাৰক পুনৰ আনিব লাগিব৷ নহ’লে ক্ষমতাৰ লালসাত কংগ্রেছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্রী পাতিব৷ আজি অসমত মাদ্রাছা বন্ধৰ কথা ক’লেই কংগ্রেছে বিৰোধিতা কৰে৷ মুছলমান সমাজক অন্ধবিশ্বাসৰ পৰা আঁতৰাই আনি শিক্ষাৰ বাবে আগবাঢ়িলেই কংগ্রেছে বিৰোধিতা কৰে৷ কংগ্রেছ হ’ল মোল্লাৰ দল৷ কাজিৰঙাত থকা নীলা লুঙি পিন্ধাসকলক খেদাৰ বাবে আমাক কংগ্রেছে সমালোচনা কৰে৷ মৌলানাই বেয়া পোৱা কাম কংগ্রেছে কৰিব নোখোজে৷ কংগ্রেছৰ মৌলানাৰ প্রতি ইমান কিয় প্রেম, সেয়া বুজি পোৱা নাই৷ কংগ্রেছৰ দিনত কাজিৰঙাত গঁড় মৰিছিল আৰু বিজেপিৰ দিনত কাজিৰঙাত চোৰাং চিকাৰী মৰিছে৷ এয়াই কংগ্রেছ আৰু বিজেপিৰ মাজৰ পার্থক্য৷ কাজিৰঙাৰ পৰা অনুপ্রৱেশকাৰীক উচ্ছেদ কৰি গঁড় হত্যা বন্ধ কৰাৰ বাবে সাধাৰণ ৰাইজৰ দাবী আছিল৷ এতিয়া গঁড় হত্যা বন্ধ হ’ল৷ গতিকে অসমৰ মানুহে কংগ্রেছক প্রশ্ণ কৰিব লাগে যে আপোনালোকৰ সৈতে কি বুজাবুজি আছিল, যাৰ বাবে গঁড় হত্যা বন্ধ কৰিব পৰা নাছিল৷ আনহাতে, আছুক কটাক্ষ কৰি তেওঁ কয়– আছু যদি ৰাজনৈতিক দল নহয়, তেন্তে কিয় আছুৰ মজিয়াৰ পৰা ৰাজনৈতিক দলৰ জন্ম হ’ল? আছুৱে কয়, অৰাজনৈতিক সংগঠন৷ যদি অৰাজনৈতিক, তেন্তে কেনেকৈ অসম জাতীয় পৰিষদ একে নিশাই গঠন কৰিলে? নতুন ৰাজনৈতিক দলক প্রত্যাহ্বান জনাই মন্ত্রী ড০ শর্মাই কয়– যদি সঁচাকৈ এইসকলে অসমীয়া জাতিক ভাল পায়, তেন্তে ৮৫০জন শ্বহীদৰ নামত শপত খাই কওক যে ক্ষমতাৰ লালসাৰ বাবে আমি কেতিয়াও আজমলৰ সৈতে নাথাকোঁ৷ তেতিয়াহে অসমৰ ৰাইজে বুজি পাব জাতিটোৰ প্রতি থকা তেওঁলোকৰ প্রেমৰ নজিৰ৷ তেওঁলোকে শপত খাই কওক যে মিঞা কবিতা, মিঞা মিউজিয়াম গঢ় দিব খোজাসকলৰ লগত মিত্রতা নকৰোঁ৷ কিন্তু এইসকলৰ এনে সৎ সাহস নাই৷ নতুন ৰাজনৈতিক দলে আজমলৰ বিপক্ষে এটাও শব্দ প্রকাশ নকৰে৷ কাজিৰঙাৰ গঁড় হত্যা ৰোধ কৰা হ’ল৷ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বিশ্বৰ বুকুত স্থাপন কৰাৰ বাবে প্রক্রিয়া আৰম্ভ হ’ল৷ কিন্তু এই সপোন বাস্তৱায়িত কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শর্মা, ৰঞ্জিত দাসৰ বিৰুদ্ধে প্রতিবাদ কৰে আছুৱে৷ সভাত গোপীনাথ বৰদলৈ আৰু তৰুণৰাম ফুকনৰ নাম উচ্চাৰণ কৰি মন্ত্রীগৰাকীয়ে কয়– নেদেখা আকাশৰ পৰা গোপীনাথ বৰদলৈ আৰু তৰুণৰাম ফুকনে বিজেপিৰ আদর্শক লক্ষ্য কৰি আশীর্বাদ কৰিব৷ অসমখনক দেশৰ সর্বশ্রেষ্ঠ ৰাজ্য গঢ় দিয়াৰ বাবে সকলো ৰাইজে সংকল্প ল’ব লাগিব৷ বিজেপি চৰকাৰে সর্বশ্রেষ্ঠ অসম গঢ়াৰ পণ লৈ আজি আগবাঢ়িছে৷ যিখন অসমত শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদর্শৰে জীপাল হৈ থাকিব৷ বিজেপি সদায়ে ৰাইজৰ মাজত থকা দল৷ বুথৰ পৰা পৃষ্ঠা আৰু পৃষ্ঠাৰ পৰা মানুহৰ বুকুত–হূদয়ত থাকিব বিজেপি৷ 

সভাতেই ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রীগৰাকীয়্ অচিৰেই গোলাঘাটত অসামৰিক চিকিৎসালয়ত ৩০০খন বিছনাযুক্ত অত্যাধুনিক চিকিৎসালয় স্থাপন হ’ব বুলিও ঘোষণা কৰে৷ আনহাতে, গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় স্থাপন হ’ব বুলিও তেওঁ ঘোষণা কৰে৷ উল্লেখ্য যে প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগে শেহতীয়াকৈ বিজেপিত যোগদানৰ পাছত আজি তেওঁৰ নেতৃত্বতে গোলাঘাট সমষ্টিত প্রায় ১৫ হাজাৰ কংগ্রেছী নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ কংগ্রেছৰ দুর্গস্বৰূপ বুলি দীর্ঘদিনৰ পৰা পৰিচিত গোলাঘাট সমষ্টিত আজি এই বিশাল সভাখনত ব্লক, পঞ্চায়ত, মণ্ডল, যুৱ কংগ্রেছ, মহিলা কংগ্রেছৰ নেতা–কর্মীয়ে দলে–বলে বিজেপিত যোগদান কৰি শাসকীয় দলটোক অধিক শক্তিশালী কৰি তুলিলে উজনি অসমত৷ আনহাতে, সভাত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– এইবাৰ বৰাক উপত্যকাত বিজেপিয়ে ৮টা সমষ্টিত জয়ী হোৱাটো নিশ্চিত৷ উজনি অসমতো সর্বাধিক আসন দখল কৰিব বিজেপিয়ে৷ গোলাঘাটত  ১৫ হাজাৰ লোকে বিজেপিত যোগদান কৰাৰ পাছত এতিয়া অসমত বিজেপিৰ কর্মীৰ সংখ্যা ৫০ লাখ ১৫ হাজাৰলৈ বৃদ্ধি পালে৷

ৰঞ্জিত দাসে ইয়াকো উল্লেখ কৰে যে আগন্তুক নির্বাচনত দলে ১০৩খন আসন দখল কৰিবলৈ সক্ষম হ’ব৷ যোৱা সময়ছোৱাত বি পি এফৰ দখলত থকা বি টি আৰৰো ১২খন আসন দখল কৰিব বিজেপিয়ে৷ ইয়াৰ বিপৰীতে কংগ্রেছ আৰু এ আই ইউ ডি এফে ১২–১৩টা সমষ্টিহে দখল কৰিবলৈ সক্ষম হ’ব৷ বিজেপিৰ আদর্শৰ প্রতি সন্মান জনাই অধিক লোক দলত যোগদান কৰিব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়– দললৈ মানুহ আহিলে কোনেও বিৰোধিতা কৰিব নোৱাৰে৷ যদি কোনোৱে ইয়াৰ বিৰোধিতা কৰে, তেন্তে অনুশাসন ভংগ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এই সভাৰ পূর্বেই আজি বিজেপিৰ শীর্ষ নেতাসকলক ৫ সহস্রাধিক কর্মীয়ে বিশাল বাইক ৰেলীৰে আদৰি আনে৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দলীয় সমর্থকৰ লগে লগে স্কুটী চলাই ১৫ কিলোমিটাৰ পথ ৰেলী কৰি সভাত অংশগ্রহণ কৰে৷ বিশাল বাইক ৰেলী নগৰৰ মাজেৰে ঊষা গৰঙাৰ দিশে গতি কৰা পথৰ দুয়োকাষে হাজাৰ হাজাৰ জনতাই ভিৰ কৰে৷ ইয়াৰ মাজতে বেঙেনাখোৱা, ফৰকাটিং, বালিজান আদি বিভিন্ন অঞ্চলত মন্ত্রীগৰাকীক সমর্থকসকলে গামোচাৰে সম্ভাষণ জনায়৷ পথৰ দুয়োকাষে  প্রত্যক্ষ হ’ল শ শ ছাত্র–ছাত্রীক৷ মন্ত্রীগৰাকীক ওচৰৰ পৰা দর্শন কৰাৰ উদ্দেশ্যে এই ছাত্র–ছাত্রীসকলে আজি হেতা–ওপৰা কৰা দেখা যায়৷ আনহাতে, বিদ্যালয়–মহাবিদ্যাল্ অসংখ্য ছাত্র–ছাত্রীয়ে অভিবাদন জনায় মন্ত্রীগৰাকীক৷ আজিৰ সভাত ন–বিজেপি নেত্রী অজন্তা নেওগেও ভাষণ প্রদান কৰি গোলাঘাট সমষ্টিৰ উন্নয়নৰ স্বার্থত বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে৷ অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা তাছা, বিধায়ক মৃণাল শইকীয়া, প্রাক্তন বিধায়িকা সুশীলা হাজৰিকা, ৰাজ্যিক সম্পাদক কৃষ্ণমণি চুতিয়া, চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, জিলা সভাপতি দেৱপ্রদীপ বৰাৰ লগতে কেইবাজনো দলীয় নেতা উপস্থিত থাকে৷

You might also like