নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঙুলি ভাগিল জাদেজাৰ, চতুর্থ টেষ্টৰ পৰা বাহিৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ  আঘাতত জর্জৰিত টীম ইণ্ডিয়াই অষ্ট্রেলিয়া ভ্রমণত আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে৷ তৃতীয় টেষ্টত আঘাতৰ সন্মুখীন হৈ এইবাৰ ভাৰতীয় দলৰ পৰা বাহিৰ হৈছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ছিডনীত চলি থকা তৃতীয় টেষ্টৰ আজি তৃতীয় দিনা পেট কামিনছৰ বাউঞ্চাৰত জাদেজাৰ বাঁওহাতৰ বুঢ়া আঙুলি ভগা বুলি বিচিচিআয়ে প্রকাশ কৰিছে৷ এই আঘাতৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় ইনিংছত বেটিং কৰিব নোৱাৰিব৷ একেদৰে চতুর্থ টেষ্টতো তেওঁ অংশ ল’ব নোৱাৰে বুলি ব’র্ডে জানিবলৈ দিছে৷

ইফালে, অষ্ট্রেলিয়ান বেগী বলাৰৰ বাউঞ্চাৰত আজি ঋষভ পণ্টো আঘাতৰ সন্মুখীন হয়৷ ভাৰতে ফিল্ডিং কৰাৰ সময়ত তেওঁ খেলপথাৰত নামিব পৰা নাই৷ পণ্টৰ অনুপস্থিতিত ঋদ্ধিমান সাহাই দ্বিতীয় ইনিংছত উইকেট কিপিং কৰিছে৷ কিলাকুটিত আঘাতৰ সন্মুখীন হোৱা পণ্টে অৱশ্যে দ্বিতীয় ইনিংছত বেটিং কৰিব পাৰিব বুলি দলীয় মেনেজমেণ্টে আশা প্রকাশ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে আঘাতৰ বাবে টীম ইণ্ডিয়াৰ তাৰকা মহম্মদ ছামী, উমেশ যাদৱ, ঈশান্ত শর্মা আৰু লোকেশ ৰাহুল শৃংখলাৰ পৰা বাহিৰ হৈছিল৷

You might also like