নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় দিনা পৰ্বতঝোৰাৰ বগৰীবাৰীৰ পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত জোড়ো

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাৰ আজি তৃতীয় দিনাৰ অনুষ্ঠান পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ পৰা আৰম্ভ হয়। বিশ্বৰ অদ্বিতীয় উচ্চতাৰ ২৫ হাত কালী মন্দিৰ স্থলীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তৃতীয় দিনাৰ ভাৰতজুৰি পদ যাত্ৰাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি পূৰ্বে উপস্থিত হয়। এই পদ যাত্ৰাৰ আৰম্ভণীৰ পূৰ্বে আজি ২৫ হাত কালী গোহানীৰ ওচৰত ওচৰত পূজা অৰ্চনা আগ বঢ়ায়। আজিৰ এই তৃতীয়া দিনাৰ পদ যাত্ৰাত হাজাৰ হাজাৰ লোকে বগৰীবাৰীত সমবেত হৈ ১২কিলোমিটাৰ দূৰৱৰ্তী বিলাসীপাৰা অভিমূখে অগ্ৰসৰ হয়। পিছত তৃতীয় দিনাৰ পদ যাত্ৰাৰ কাৰ্যসূচী উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বৰ্তমান চৰকাৰৰ জনবিৰোধী আৰু বিভিন্ন ধৰণৰ অত্যাচাৰৰ বিৰুদ্ধ এই ধৰণে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। লগতে কয় যে ৰাইজৰ এই বিশাল সমাগম দলক ৰাজনৈতিকভাবে অধিক উৎসাহিত কৰিছে বুলি মন্তব্য কৰে। আজিৰ এই ভাৰতজুৰি পদ যাত্ৰা কাৰ্যসূচীত দক্ষিণ শালমাৰাৰ কংগ্ৰেছৰ বিধায়ক অঁভজা আলী চৌধুৰী, ধুবুৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছামছুল ইছলামে লগতে যথেষ্টসংখ্যক দলীয় নেতা কৰ্মী এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। পিছত এই পদযাত্ৰাৰ জৰিয়তে আজি দলীয় নেতা কৰ্মীসকলে ১২ কিলোমিটাৰ নিলগত থকা বিলাসীপাৰাত উপস্থিত হয়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী

You might also like