নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি বিক্ষোভৰ সন্মুখীন কংগ্ৰেছ প্ৰাৰ্থী

নাওবৈছা সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি অভূতপূৰ্ব সহাৰি জনোৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ নিশ্চিত পৰাজয়ৰ আশংকা কৰি আমাৰ ওপৰত উদণ্ড যুৱকৰ গুণ্ডা বাহিনী লগাই আজি আক্ৰমণ কৰোৱাইছে। এইবোৰ কথা এখন গণতান্ত্ৰিক দেশৰ বাবে ভাল কথা নহয়; মিচিং জাতিৰ বাবেও ভাল পৰিৱেশ নহয়

নৱগঠিত ৭৫নং নাওবৈছা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰী পঞ্চায়তৰ মৰনৈ পাতৃচুক তিনি আলিত আজি কংগ্ৰেছৰ প্ৰাৰ্থী জয়প্ৰকাশ দাসে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি টি,এম,পি,কে’ৰ ৰোষত পৰিব লগা হয়।

উল্লেখ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজি দুপৰীয়া সোৱণশিৰী পঞ্চায়তৰ মাজ পাতৃচুকত কেইবাশতাধিক দলীয় সমৰ্থক লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ঢকুৱাখনা সমষ্টিৰ মৰনৈ পমুৱা হৈ পথেৰে নামনি পগতৃচুকলৈ আহি থকাৰ অৱস্থাত মৰনৈ নামনি পাতৃচুক তিনিআলিত শ শ টি,এম,পি,কে’ৰ কৰ্মীয়ে বাট ভেটি ধৰি লৈ কংগ্ৰেছ  গ’ বেক ধ্বনি দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

অভিযোগ অনুসৰি টি,এম, পি,কেৰ একাংশ উদণ্ড কৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ নিৰ্বাচনী প্ৰচাৰৰ ৰেলীত অহা গাড়ীলৈ পানীৰ বটল,শিলগুটি আদি দলিয়াই এগৰাকী কংগ্ৰেছ কৰ্মীকো আহত কৰে।

ইফালে কংগ্ৰেছৰ ৰেলীত অহা সমৰ্থক সকলৰ গাড়ীৰ পৰা কংগ্ৰেছৰ দলীয় পতাকাবোৰ আঁতৰাই দলিয়াই দিয়ে। ইয়াৰ পূৰ্বে টি,এম,পি,কে’ৰ কৰ্মীসকলে পাতৃচুক তিনি আলিস্থিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ আশে পাশে লগাই থোৱা দলীয় পতাকাবোৰো খুলি আঁতৰাই পেলায়।

এখন গণতান্ত্ৰিক দেশত আজি নিৰ্বাচনী প্ৰচাৰৰ সময়ত এনে অগণতান্ত্ৰিক আচৰণৰ দ্বাৰা টি,এম,পি,কেৰ কৰ্মীসকলে কংগ্ৰেছ প্ৰাৰ্থীজনক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰা বুলিহে এই ঘটনাৰ পিছত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে সোৱণশিৰী পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীসকলে।

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসে কয় যে “নাওবৈছা সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি অভূতপূৰ্ব সহাৰি জনোৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ নিশ্চিত পৰাজয়ৰ আশংকা কৰি আমাৰ ওপৰত উদণ্ড যুৱকৰ গুণ্ডা বাহিনী লগাই আজি আক্ৰমণ কৰোৱাইছে। এইবোৰ কথা এখন গণতান্ত্ৰিক দেশৰ বাবে ভাল কথা নহয়; মিচিং জাতিৰ বাবেও ভাল পৰিৱেশ নহয়।”

আজিৰ ঘটনাক গৰিহণা দি নিৰ্বাচন আয়োগক এই সন্দৰ্ভত কঠোৰ হবলৈও আহ্বান জনাই ৭৫নং নাওবৈছা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসে।

বিশেষ বাৰ্তা, ঢকুৱাখনা, ৩ এপ্ৰিল

You might also like