নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই-ঢকুৱাখনাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী 

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ মূর্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু সমূহ শাখা সংগঠনৰ সহযোগত চাইকেল ৰেলীৰ দ্বাৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় দল আৰু চৰকাৰৰ আমোলত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে নিবনুৱা সমস্যা, লাইকা দধীয়াবাসীৰ পুনঃ সংস্থাপন, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত জোনাই মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত জংগী ৰূপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

ৰাংকপ তিনিআলিস্থিত কংগ্ৰেছ দলৰ নিজা কাৰ্যালয়ৰ পৰা জোনাই গান্ধীৰোধ বজাৰ হৈ জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগণত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উপসভাপতি বিজয় পেগু, মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সঞ্জয় পেগু, সম্পাদক মহাবীৰ পায়েং, অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিজু পেগুৰ লগতে শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত অংশ লয়।

ঢকুৱাখনাত ব্লক কংগ্ৰেছৰ চাইকেল ৰেলী
সমগ্ৰ ভাৰত বৰ্ষতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত আজি ঢকুৱাখনাত চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দিনৰ ১২ বজাত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত মণ্ডল কংগ্ৰেছ কমিটীৰ সহযোগত ৰাজীব ভৱনৰ পৰা প্ৰতিবাদী চাইকেল ৰেলী উলিয়াই বিজেপিবিৰোধী শ্লোগান দিয়ে ৷ ইয়াৰ পিছতে ৰাজীৱ ভৱনত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ লগতে ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে

You might also like