ফেচবুকত বিতৰ্কিত প’ষ্ট: নগাঁৱত গ্ৰেপ্তাৰ নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞা
নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা সামাজিক মাধ্যম ফেচবুকত গুৰুজনাৰ সম্পৰ্কত তুলুঙা আৰু কেতবোৰ বিতৰ্কিত কথা লিখি অৱশেষত ৰঙাঘৰৰ আলহী হ’ল নগাঁৱৰ বিশিষ্ট নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞা। উল্লেখ যে,নগাঁও চহৰৰ সমীপৱৰ্তী ননৈৰ বিশিষ্ট নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাই গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা ফেচবুকত গুৰুজনাৰ আদৰ্শক অৱমাননা কৰি প’ষ্ট দিয়াৰ পাছত এই বিষয়টো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও আৰক্ষী অধীক্ষক এই বিষয়ে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু আজি পুৱতি নিশা ননৈৰ নিজা বাসভৱনৰ পৰা নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ নগাঁও সদৰ আৰক্ষী থানাত ১০২২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত বিপ্লৱ জ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।আৰক্ষীৰ জেৰাত অভিযুক্ত বিপ্লৱ জ্যোতি ভূঞাই ফেচবুকত গুৰুজনাৰ বিষয়ে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে।