নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াৰ নেতৃত্বত অসমৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিশেষ সহায়

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াই নেতৃত্বত অসমৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে সহায়ৰ হাত। ২০১৯ বৰ্ষত স্থাপিত হোৱা হেল্পিং হেণ্ড – উই কেয়াৰ, তিনিচুকীয়া জিলাৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান ৷ বিগত ৩ বছৰৰ ধৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন সামাজিক গঠনমুলক কাম-কাজ কৰাৰ লগতে বিভিন্ন সময়ত বহুতো লোকক সহায়ৰ হাত প্ৰদান কৰি আহিছে ৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ প্ৰতিষ্ঠাপক বৰ্তমান অষ্ট্ৰেলিয়াৰ নিৱাসী আৰু তিনিচুকীয়া জিয়ৰী মমী চৈয়দ ৷ ২০১৯ বৰ্ষত মমী চৈয়দে নিজৰ স্কুলীয়া কেইগৰাকীমান বান্ধৱীৰ সহায়ত এটি সামাজিক গ্ৰুপ, হেল্পিং হেণ্ড – উই কেয়াৰৰ গঠন কৰিছিল ৷ তেতিয়াই গ্ৰুপৰ কাম-কাজ সমূহ সুচাৰু ৰূপে আগবঢ়াই নিবলৈ মমীৰ স্কুলীয়া বান্ধৱী সমুহ আগবঢ়ি আহে ৷ বৰ্তমান হেল্পিং হেণ্ড – উই কেয়াৰ গ্ৰুপ অসমৰ বিভিন্ন জেগাৰ ৮০ গৰাকী মহিলা সদস্যাৰে সমৃদ্ধ ৷

হেল্পিং হেণ্ড – উই কেয়াৰে সমাজৰ অভাৱগ্ৰস্থ শ্ৰেণীৰ শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ অৰ্থনৈতিক কাৰণত শিক্ষা আধৰুৱা হৈ ৰোৱা ছাত্ৰ-ছাত্ৰী সকলকৰ পুণৰ এডমিচন, আৰ্থিক ভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামুলক বিভিন্ন সামগ্ৰী যেনে – কিতাপ, বহী, কলম-পেঞ্চিল আদিকে ধৰি বিভিন্ন জৰুৰী সামগ্ৰী বিতৰণ কৰা, অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেনীৰ ছাত্ৰ – ছাত্ৰী সকলৰ বাবে বিনামুলীয়া অনলাইন ক’চিং আদিকে কৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন আচঁনি ৰুপায়ণ কৰি আহিছে ৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ সৌজ্যনত বিভিন্ন বিদ্যালয়সমুহত আৰ্থিক ভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ধৰণৰ জৰুৰী শিক্ষামুলক সামগ্ৰী প্ৰদান কৰি অহা হৈছে ৷ আজি এই আচঁনিৰ অন্তৰ্গত, হেল্পিং হেণ্ডৰ চাৰিজনীয়া এটি টীম, ক্ৰমে – বৰ্ণালী ঠাকুৰ, মৌছুমী গগৈ বেৰিয়া পুৰৱী শইকীয়া আৰু সুলেখা গগৈয়ে, মাৰ্ঘেৰিটাৰ আৰ্দশ বিদ্যা মন্দিৰত কিছু জৰুৰী শিক্ষামুলক সামগ্ৰী যেনে – বহী, কলম-পেঞ্চিল আদি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বহিবলৈ বাবে কিছু বেঞ্চ/ডেস্ক আদি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে ৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ এনে মহৎ পদক্ষেপক বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে আদৰণি জনাইছে।

You might also like