নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত নতুনকৈ ২২ জনৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি

নিয়মীয়া বাৰ্তা, ১৬জুন: দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ বিভাগলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে পুনৰ ২২ জনৰ শৰীৰত  ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পিছত  দৰঙত চিকিৎসাধীন হৈ থকা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৪ জন।

নতুনকৈ আক্ৰান্ত  কেইগৰাকী হ’ল- দলগাওঁখুটিৰ নুৰ চাজিদা নাচৰিণ (২০), বালিগাঁৱৰ চাফিকুল ইছলাম (২০), নমাটিৰ ৰামিজ আলি (১৯), বালিপোটাৰ সঞ্জয় নাথ (২২), দেৱানন্দ সত্ৰৰ ধণমণি ডেকা (২২), নদীকাষৰ তফিকুল ইছলাম (১৮), নমাটিৰ মহম্মদ আব্দুলা (২১), গংগাপুখুৰীৰ জয়দুল ইছলাম (২৪), বৰুৱাঝাৰৰ মোজামিল হক (২০), দলগাঁৱৰ আমিনুল ইছলাম (২০), জংগলপাৰাৰ শ্বেখ ফৰিদ (১৮), পাৰিয়াপাৰাৰ জেৰিফা খাতুন  (১৯), ঔতলাৰ টুটুমণি শইকীয়া (২৪), বালিগাঁৱৰ আজিজুল হক (২০), বালিগাঁৱৰ আবিদুল হক (২১), গোৰাঘাটৰ তিলক চেত্ৰী (২১),  ১ নং টাংনিঝাৰৰ আব্দুল কৰিম (১৮), বালিগাঁৱৰ বিকি বিল্লাল (১৯), অমৰজ্যোতি ৰাজবংশী (২৩), বিমল বৰ্মন (২৭), সিমাংশু বড়ো (২২) আৰু মোৱামাৰীৰ খবিৰ আলি (২৩) ।

ইয়াৰে শ্বেখ ফৰীদ ঘৰতে কোৱাৰান্টাইন থকাৰ বিপৰীতে বাকীসকল বহি:ৰাজ্যৰ পৰা অহাৰ পিছত  জিলাখনৰ বিভিন্ন কোৱাৰান্টাইন চেন্টাৰত আছিল । প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা মতে  মঙলবাৰলৈকে দৰঙত ১২৭ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে ৩৩ জনক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ যাবলৈ দিয়া হৈছে । সম্প্ৰতি মঙলদৈ অসামৰিক চিকিৎসালয়ত

২৮ জন, কুৱৰীপুখুৰী আদৰ্শ চিকিৎসালয়ত ৪০ জন আৰু জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ২৬ জন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে ।

You might also like