নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান অইল শিৱিৰৰ ৪ হাজাৰ পৰিয়াললৈ আজমল ফাউণ্ডেশ্যনৰ ৯ লাখ মূল্যৰ বস্ত্ৰ সামগ্ৰী বিতৰণ

প্ৰয়াত তীখেশ্বৰ আৰু দূৰ্লভৰ পৰিয়াললৈ ৫০ হাজাৰকৈ সাহাৰ্য ঘোষণা

নিয়মীয়া বাৰ্তা, ১৬ জুন : অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান গেছ কূপ-৫ ত সংঘটিত ভয়াবহ দূৰ্ঘটনাৰ ফলত আজি ২১ টা দিনে হাহাকাৰ অৱস্হা হোৱা স্হানীয় এলেকাৰ হাজাৰোধিক শিৱিৰবাসী পৰিয়াললৈ বস্ত্ৰ সামগ্ৰী বিতৰণ কৰিছে আজমল ফাউণ্ডেশ্যন ।

আজিৰ দিনটোত এলেকাটোৰ কেইবাটাও স্হানত থকা শিৱিৰসমূহৰ প্ৰায় ৪ হাজাৰোধিক পৰিয়ালৰ শিশু, মহিলা-পুৰুষ উভয়লৈ প্ৰায় ৯ লাখ মূল‍্যৰ বস্ত্ৰ সামগ্ৰী বিতৰণ কৰাৰ লগতে বাঘজান কাণ্ডত কৰ্মৰত অৱস্থাত অকাল মৃত্যুবৰণ কৰা দুই অইল কৰ্মচাৰী ক্ৰমে তীখেশ্বৰ গোহাঁই আৰু দূৰ্লভ গগৈৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ঘোষণা কৰিছে ফাউণ্ডেশ্যনে ।

ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু দুলীয়াজানৰ প্ৰতিষ্ঠিত ব‍্যৱসায়ী তথা সমাজকৰ্মীদ্বয় ৰাণা মজুমদাৰ আৰু হুছেইন চৌধুৰী সহযোগত আজমল ফাউণ্ডেশ্যনে এই সামগ্ৰীসমূহ শিৱিৰবাসীৰ মাজত বিতৰণ কৰে ।

ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজৰ তত্বাৱধানত এই বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ইউ ডি এফৰ ৰাজ‍্যিক সম্পাদক আমিনুল ইছলাম, ই ডি এফ বিধায়ক আব্দুল বছিৰ কাছিমী, আমছু কেন্দ্ৰীয় উপদেষ্টা আজিজুৰ ৰহমান, ডিব্ৰুগড় জিলা আমছু সভাপতি কাজু হুছেইন, যুটীয়া সম্পাদকদ্বয়, নাজিবুল আলি আৰু আব্দুল ৰছিদ, প্ৰচাৰ সম্পাদক আজাদ হুছেইন প্ৰমুখ্যে অন‍্যান‍্য সদস‍্যকল ।

উল্লেখ্য যে অইল ইণ্ডিয়াই শিৱিৰবাসীলৈ অত‍্যাৱশ‍্যকীয় খাদ‍্য সামগ্ৰী, খোৱাপানী, চেনিটেৰী নেপকিন আদিৰ উপৰি স্বাস্হ‍্যসেৱাৰ দিশতো গুৰুত্ব দি আহিছে ।

You might also like