নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ভোট গণনাত জড়িত হ’বলগীয়া বিষয়া-কৰ্মচাৰী, এজেণ্টৰ ক’ভিড পৰীক্ষা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিটো ভোট গণনা কাৰ্যত জড়িত হবলগীয়া বিষয়া-কৰ্মচাৰী আৰু এজেণ্ট সকলক বৃহস্পতি বাৰে ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়া তথা মহকুমাধিপতি গুৰনেইল সিঙৰ নিৰ্দেশনা ভিত্তিত বৃহস্পতি বাৰে মহকুমাধিপতিৰ কাৰ্য্যালয় চৌহদত এই পৰীক্ষা কৰা হয়।

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ফাৰ্মাচিষ্ট মিহিৰ পেগুৰ নেতৃত্বত আৰু লেবৰেটৰী টেকনিছিয়ানৰ সহযোগত অনুষ্ঠিত হোৱা ক’ভিড ১৯ ৰ ৰেপিড এন্টিজেন টেষ্ট আৰু আৰ চি পি টি আৰ পদ্ধতিৰে নমুনা সংগ্ৰহ শিবিৰত ২ মে’ত হব লগা ভোট গণনাৰ কৰ্তব্যত জড়িত থাকিব লগা মুঠ ২০০গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হয়।

বিধানসভা সমষ্টিটোৰ সকলো দলীয় প্ৰাৰ্থী , ইলেক্সন এজেন্ট , কাউণ্টিং এজেন্ট আৰু সংবাদসেৱীসকলৰ ক’ভিড পৰীক্ষাৰ নিগেটিভ ফলাফল বাধ্যতামূলক কৰি জিলা নিৰ্বাচনী বিষয়া সিঙে জাৰি কৰা নিৰ্দেশনা ভিত্তিত অনুষ্ঠিত কৰা বৃহস্পতিবাৰৰ ক’ভিড পৰীক্ষা কালত কোনো এগৰাকী ব্যক্তিৰ দেহত এই ৰোগৰ সংক্ৰমণ পোৱা নগ’ল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷

You might also like