নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও শোধনাগাৰ উপনগৰীত কৰ্মৰত গৃহ কৰ্মীৰ মাজত ক’ভিড-১৯ সজাগতা কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল: বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই আজি দুপৰীয়া ক’ভিড-১৯ সংক্ৰমন প্ৰতিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। কৰ্মচাৰী সকলৰ আবাসিক চৌহদত থকা আবাসত গৃহ কৰ্মী হিচাপে কৰ্মৰত মহিলা কৰ্মী সকলৰ মাজত ‘ক’ভিড-১৯’ সংক্ৰমন প্ৰতিৰোধী নিৰ্দেশনা পালনৰ উদ্দেশ্যে আজিৰ এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে।

শোধনাগাৰ আবাসিক চৌহদত থকা ক্ৰীড়া প্ৰকল্প চৌহদত ক’ভিড প্ৰটোকল মানি অনুষ্ঠিত কৰা আজিৰ এই সজাগতা বৃদ্ধি অনুষ্ঠানত শোধনাগাৰৰ উপ মহা প্ৰৱন্ধক (চি এছ আৰ) সীতা বৰুৱা, সহ প্ৰবন্ধক (ই আৰ) সাগৰ লেংকা আৰু সহ প্ৰবন্ধক (এচ এইছ আৰ অ’) নীলাক্ষী কোঁৱৰে মহিলা গৃহ কৰ্মীসকলৰ উদ্দেশ্যে কৰণীয় আৰু বাৰণ কাৰ্যসমূহৰ ওপৰত বিতং ভাৱে বাখ্যা কৰে। সজাগতা অনুষ্ঠানৰ অন্তত গৃহ কৰ্মী সকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে। আজিৰ পৰা আৰম্ভ কৰা এই সজাগতা অনুষ্ঠান উপনগৰীত কৰ্মৰত গৃহ কৰ্মী সকলোকে সামৰি লৈ পৰ্যায় ক্ৰমে অনুষ্ঠিত কৰা হ’ব বুলি শোধনাগাৰ কৰ্তৃপক্ষৰ সূত্ৰই প্ৰকাশ কৰিছে।

You might also like