বোকাজানত ছুটীত থকা ১৮০ গৰাকী চি আৰ পি এফ জোৱানক কোৱাৰেণ্টাইন
নিয়মীয়া বাৰ্তা, ২ মেঃ দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনোৱা লকাডাউনত দেশৰ আইন-শৃংখলাৰ সৈতে জড়িত হৈ থকা অৰ্ধ-সামৰিক বাহিনীৰ বহু জোৱান লকাডাউনৰ পূৰ্বে ছুটীত নিজ নিজ ঘৰলৈ গৈ আৱদ্ধ হৈ পৰিছিল । বৰ্তমান চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি পুনৰ জোৱানসকল নিজ কৰ্তব্যস্থলীলৈ ৰাওনা হৈছে ।
এই ক্ষেত্ৰত দেশৰ আন আন ঠাইৰ লগতে অসমৰ পাহাৰীয়া ৰাজ্য কাৰ্বি-আংলঙৰ বোকাজানস্থিত ১৫৫ নং চি আৰ পি এফ বেটেলিয়নৰ ছুটীত থকা ১৮০ জনকৈ জোৱান পুনৰ কৰ্মক্ষেত্ৰত যোগদান কৰিবৰ বাবে দেশৰ স্থানৰ পৰা আহি আছে বোকাজানলৈ । এই সংক্ৰান্তত চি আৰ পি এফৰ ১৫৫ নং বেটেলিয়নৰ কামাণ্ডেণ্ট মুকেশ ত্যাগীয়ে ইতিমধ্য়ে এইসকল জোৱানক কৰ্মত যোগদান কৰাৰ পূৰ্বে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ।
কামাণ্ডেণ্ট ত্যাগীয়ে সংবাদ মাধ্যমত জনোৱা অনুসৰি, কেৱল গ্ৰীণ জ’ন আৰু অৰেঞ্জ জ’নত থকা জোৱানসকলকহে বোকাজানলৈ আহিব পাৰিব আৰু ৰেড জ’ন থকা জোৱানসকলক কৰ্মত যোগদান কৰিবলৈ অহাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে ।
আনহাতে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ সম্পূৰ্ণ হৈ উঠাৰ পাছত হে এই জোৱানসকলক বোকাজানলৈ আহিবলৈ নিৰ্দেশ দিয়া হ’ব বুলিও কামাণ্ডেণ্টগৰাকীয়ে জানিবলৈ দিয়ে ।
ইপিনে ১৫৫ নং চিআৰপিএফৰ কামাণ্ডেণ্ট মুকেশ ত্যাগীৰ নেতৃত্বত লকডাউনৰ সময়ছোৱাত ১২০০ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে । লগতে আৰক্ষী থানা, হাস্পতালৰ ওপৰি বোকাজানৰ মহকুমাধপতিৰ কাৰ্যালয় আদিত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ।