নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগতো চলি থকা সপ্তাহজোৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কাৰ্য্যসূচীৰ অংশৰূপে আজি মহাবীৰগৰাকীক সোঁৱৰি ধুবুৰীত আজি অনুষ্ঠিত হৈ যায় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা সেই শোভাযাত্ৰাই আজি লাচিত বন্গনাৰে মুখৰিত কৰি তোলে ধুবুৰী চহৰৰ ৰাজপথ। আজি দিনৰ ১১টা মান বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত দিবাকৰ নাথে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা সেই শোভাযাত্ৰাত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কাৰ্য্যকৰ্তাকে ধৰি বিভিন্ন সাংস্কৃতিক দল–গোষ্ঠী, অৰাজনৈতিক আৰু সাংস্কৃতিক সংহঠন, স্থানীয় বিভিন্ন বিদ্যালয়–মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্ত ভাৱে আগুৱাই আহি অংশ লয়। কেইবাহাজাৰ লোকৰ আজিৰ সেই শোভাযাত্ৰাটোত এখন সুসজ্জিত ট্ৰাকত ‘‘শৰাইঘাটৰ ৰ’ণ’’ত বৰলুইতত নাও এখনেৰে পালী–প্ৰহৰী লৈ লাচিত বৰফুকনে আহোম সেনাক নেতৃত্ব দি মোগলৰ ওপৰত আক্ৰমণ কৰাৰ এক কাল্পনিক দৃশ্যৰ চিত্ৰায়নে বহুতোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তাৰোপৰি জিলাখনৰ বিলাসীপাৰাৰ শংকৰদেৱ শিশু নিকেতনৰ পঢ়ুৱৈ সকলৰ বিশেষ এটি ‘বেণ্ড’ৰ দলে শোভাযাত্ৰাটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। লাচিতৰ বীৰগাঁথা বৰ্ণনাৰ মাজে মাজে গণশিল্পী ড৹ ভূপেন হাজৰিকাৰ মহাবীৰ গৰাকীক লৈ ৰচা কেইবাটাও কালজয়ী গীতৰ কলি বজাই ৰাইজক মহাবীৰ লাচিত বৰফুকনৰ কৰ্মৰাজিৰ সোঁৱৰণ কৰাৰ প্ৰচেষ্টাই সমদলটোত এক বিশেষ ভাৱগম্ভীৰ পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। উল্লেখ্যে যে, মহাবীৰ লাচিত বৰফুকনৰ ৪শ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ চহৰৰ বিভিন্ন ৰাজপথেৰে প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰাৰ আজিৰ সেই সাংস্কৃতিক সমদলটোত জিলা উপায়ুক্ত দিৱাকৰ নাথ, উন্নয়ন আয়ুক্ত কান্তা দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা–বিষয়া আৰু কৰ্মচাৰীৰ উপৰিও সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিকৰ সাধাৰণ সম্পাদক দেৱাশীষ দত্ত, সংগঠনটোৰ জিলা আৰু ধুবুৰী নগৰৰ কাৰ্যকৰ্তা, স্থানীয় মান্যগণ্য ব্যক্তিকে ধৰি আন্তৰ্জাতিক খ্যাতি সম্পন্না নৃত্য বিশাৰদ ইৰিকা ইণগ্ৰিড নন্দীও অংশ ল’য়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like