নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে তিনিচুকীয়াত চাইকেল ৰেলী

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ: শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ১৮ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। বীৰ লাচিত বৰফুকনৰ আদৰ্শ আৰু ভাবাৱেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে, তাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত ব্যাপক সজাগতামূলক প্ৰচাৰ কাৰ্য্যসূচীও চলাই থকা হৈছে। আজি বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত এক চাইকেল ৰেলী অনুষ্ঠিত হয়। বৰগুৰিস্থিত আই.টি.আই খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীত জিলা উপায়ুক্ত নৰসিং পৱাৰৰ লগতে অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী, মাকুম দ্বিতীয় অসম পুলিচ বেটেলিয়ানৰ কমান্ডেন্ট নিত্য ৰঞ্জন চুতীয়া, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, তিনিচুকীয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাথক, ডুমডুমা ৰাজহচক্ৰৰ চক্ৰ বিষয়া ৰণনময় ভৰদ্বাজ, তিনিচুকীয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া সংলগ্ন ডিম্পী ভট্টাচাৰ্য্য, সহকাৰী আয়ুক্ত নীলাক্ষী ভূঞা প্ৰমুখ্যে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ অন্যান্য বিষয়া-কৰ্মচাৰী তথা আন বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্তদ্বয় সুশান্ত দত্ত আৰু চৰফ্ৰাজ হকে। ইয়াৰ পাছতে, আজি তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰগুৰিৰ খেলপথাৰত পৰম্পৰাগত খেলধেমালী টেকেলি ভঙা, ৰচী টনা আৰু তেলীয়া খুটাত বগোৱা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই পৰম্পৰাগত খেলধেমালী প্ৰতিযোগিতাৰ শুভউদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ। প্ৰতিযোগিতাত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ৰচী টনা প্ৰতিযোগিতাত মহিলা শাখাত সৰ্বজনীন উচ্চ মাধ্যমিক বালিকা বিদ্যালয় জয়ী হোৱাৰ বিপৰীতে Govt. ITI Girls দল ৰাণাৰচ আপ হয়। ল’ৰাৰ শাখাত Govt. ITI Boys, Group A বিজয়ী হোৱাৰ বিপৰীতে Govt. ITI Boys, Group B ৰাণাৰচ আপ হয়। টেকেলি ভঙা প্ৰতিযোগিতাত ছোৱালী শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে জ্যোতিকা কলিতা, নিব্যা কুমাৰ চাহু আৰু ধঞ্জলী মোহনে। আনহাতে, ল’ৰাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দ্বীপেন গোহাঁই, ৰুস্তম বৰুৱা আৰু পুতুল বুঢ়াগোহাঁইয়ে। তেল দিয়া খুটাত বগোৱা প্ৰতিযোগিতাত ল’ৰাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে ৰাহুল কুমাৰ প্ৰজাপতি, দ্বীপেন গোহাঁই আৰু মানসপ্ৰতীম দুৱাৰাই। ছোৱালী শাখাত লীমা গগৈ, শীবাশ্ৰী মহন আৰু বিন্দীয়া মৰাংয়ে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে৷ উল্লেযোগ্য যে, তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ২৪ নৱেম্বৰ কাইলৈ পুৱা ৯ বজাৰ পৰা কচুজান খেল পথাৰৰ পৰা এক বৰ্ণ্যাধ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হ’ব। ইয়াৰোপৰি বিয়লি ৩ বজাৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত বীৰ লাচিত দিৱসৰ মূল কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজিত হ’ব। ২৫ নৱেম্বৰ পুৱা ১০ বজাৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত পুৰস্কাৰ বিতৰণ কাৰ্য্যসূচী আৰু অসম চৰকাৰে দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰণ কৰা হব। সমান্তৰালকৈ মাৰ্ঘেৰিটা মহকুমাৰ ই’ক পাৰ্কত আৰু শদিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষতো দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰণ কৰা হব। জিলা প্ৰশাসনে সমূহ কাৰ্যসূচীতে ৰাইজৰ স্বতঃস্ফূর্ত উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক বিবেক বড়া

You might also like