নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত ধৃত চাইবাৰ অপৰাধী : জব্দ মবাইল ফোন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ মৈৰাবাৰী থানা এলেকাধীন শগুনবাহীত যোৱানিশা তিনিজন চাইবাৰ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী।জিলাখনৰ চোৰাংচোৱা বিভাগ আৰু মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলীৰ নেতৃত্বত চলা চাইবাৰ বিৰোধী অভিযানটোত গিয়াছ উদ্দিন (২৫), ইচাহাক আলী(৩৬) আৰু ৰাব্বুল ইছলাম (৩৩)ক গ্ৰেপ্তাৰ কৰাৰ লগতে ধৃত চাইবাৰ অপৰাধীকেইজনৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে ১৭২০টা সক্ৰিয় চিম কাৰ্ড আৰু ১১টা মোবাইল ফোন জব্দ কৰে।চাইবাৰ অপৰাধীকেইজনে এই চিমসমুহৰ জৰিয়তে বিভিন্নজনৰ নামত অনলাইন মাধ্যমেৰে চাইবাৰ অপৰাধ সংগঠিত কৰি অহা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। আৰক্ষীয়ে চাইবাৰ অপৰাধীসকলৰ কবলৰ পৰা এএচ ০১ এএইচ ৫৬০৯ নম্বৰৰ এটা পালচাৰ মটৰ চাইকেলো জব্দ কৰে। মৈৰাবাৰী,লাহৰীঘাট,কছাৰীবৰী,ভূৰাগাও আদি এলেকাৰ প্ৰায় দহোধিক চাইবাৰ অপৰাধী সম্প্ৰতি জিলাখনৰ কাৰাগাৰত আবদ্ব থৈ থকাৰ পিছতো ১৭২০ টা চিম কাৰ্ডসহ তিনিজনকৈ চাইবাৰ অপৰাধী আৰক্ষীৰ হাতত কৰায়ত্ত হোৱাৰ কথাটোৱে বৰ্তমানেও যে এলেকাসমুহত চাইবাৰ অপৰাধ সংগঠিত হৈ থকাৰ কথাটোকে প্ৰমান কৰিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like