বিধ্বস্ত চামতা-কৈঠালকুছি পথ : নিৰ্লিপ্ত স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
নিয়মীয়া বার্তা, ৫ এপ্রিলঃ ধর্মপুৰ সমষ্টিৰ কেবাটাও মূল ব্যস্ত পথ যোৱাপানীত জহি খহি যোৱাত আজিকোপতি কোনোধৰণৰ মেৰামতি নকৰাত সকলো মানুহে যমৰ যাতনা ভুগিব লগাত পৰিছে৷ বিশেষকৈ চামতাৰ পৰা কৈঠালকুছিলৈ যোৱা পথ আৰু নলবাৰী সর্থেবাৰী পল্লা পথ৷ চামতাৰ পৰা কৈঠালকুছি পথছোৱা যোৱা বানপানীত সমগ্র পথছোৱা বুঢ়াদিয়া, পাগলাদিয়া আৰু কাণাইখুন্দা নৈৰ পানী একেলগ হৈ পানীয়ে বুৰাই পেলোৱাৰ লগতে কেবাঠাইতো ছিঙি পেলোৱাৰ উপৰি বাকী থকা অংশৰ দুয়োকাষ জহিখহি যোৱাত জীৱন মৰনৰ মাজেৰে যাতায়াত ব্যৱস্থা কৰি থাকিব লগাহৈছে ৷ ইফালে গুৱাহাটী চহৰত চামতাকে ধৰি সাহপুৰ, পশ্চিম চামতা, শোলমাৰা, আমনি, গন্ধিয়া, বি হামপুৰ আদিৰ বহুতো লোক কর্মসূত্রে গুৱাহাটীলৈ নিয়মিত অহাযোৱা কৰে ট্রেইনৰ সহায়ত৷ লোকসকলে চাইকেল, দুচকীয়া যানবাহন, টেম্পো, বেটাৰীগাড়ী আদিৰে চামতাৰ পৰা পুৱা কৈঠালকুছিলৈ গৈ তাৰ পৰা ট্রেইনত উঠি গুৱাহাটীলৈ গৈ নিজৰ নিজৰ কর্মকৰী দুপইচা উপার্জন কৰি পুনৰ সন্ধিয়া ঘৰলৈ উভতি আহে যদিও কৈঠালকুছি চামতা ৰাস্তাটো ইমানে বেয়া হৈ পৰিছে এবাৰ গলে আৰু পিছত উভতি আহিবৰ বাবে হেজাৰবাৰ চিন্তা কৰিব লাগে৷ ইফালে সম্পূর্ণ ৰাস্তাটোৰ পকীসমুহ পানীৰ সোতত উটি যোৱাত ৰাস্তাৰ মাজে প্রকাণ্ড প্রকাণ্ড গাতৰ লগতে ৰাস্তাৰ দুয়ো চাইড খহি যোৱাত অন্য গাড়ী আহিলেও কাষলৈ যাব নোৱাৰি ফলত সঘনাই দূর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈ আছে ৷ ইফালে কৈঠালকুছি, গামাৰিমূৰী, পূর্ণি, সোণোৰা, বৰপিত আদি অঞ্চলৰ পৰা ছাত্র-ছাত্রীসকলে চামতাস্থিত বিদ্যালয়, মহাবিদ্যালয়লৈ আহে যদিও নিজৰ জীৱনটোৰ বাবে বহুতবাৰ ভাবিব লাগে অহাযোৱা কৰাৰ বাবে ৷ অতি সোনকালে যদি উক্ত পথছোৱা ভাল নকৰে তেতিয়া হলে সম্পূর্ণৰূপে চামতা কৈঠালকুছি পথছোৱা বন্ধহৈ পৰিব৷ তাৰ উপৰি ধর্মপুৰৰ অন্য এটি অতি ব্যস্ত পথ হল নলবাৰী সর্থেবাৰী পল্লা পথটো ৷ এই ৰাস্তাটো এজাক বৰষুণ আহিলে চামতা, জামৰতললৈকে প্রায় এক কিলোমিটাৰ ৰাস্তা বৰষুনৰ পানীৰ তলত থকাত কদর্যময় পৰিস্থিতিৰ সৃস্তি হয় ৷ যোৱা কিছুদিন ধৰি মাজে মাজে বৰষুন দি আছে যদিও পল্লাপথৰ জামৰতল পেট্রল পাম্পৰ পৰা ইফালে চামতা মটৰষ্টেণ্ডলৈকে একাঁঠু পানীয়ে বুৰাই পেলোৱাত গাড়ী মটৰৰ বাবে সাধাৰন পথচাৰী সকল অহাযোৱা কৰিব নোৱাৰা অৱস্থা হৈছে৷ এখন গাড়ী ৰাস্তাতোৰ ওপৰেৰে অহাযোৱা কৰিলে ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বোকা পানী সোমাই লেতেৰা কৰাৰ লগতে খোজ কাঢ়ি অহাযোৱা কৰা লোক সকলে বহু সময় ধৰি নির্দ্দিষ্ট ঠাইত ৰৈ থাকিব লগা হয় ৷ গতিকে উক্ত নলবাৰী চামতা পল্লা পথৰ দুয়োকাষে পানী ওলাই যোৱা নালাৰ ব্যৱস্থা নকৰিলে বছৰৰ বাৰিষাৰ ছয় মাহ কদর্য অৱস্থা চাই শান্তি লভিব লাগিব বুলি একাংশ ৰাইজে কয় ৷
প্রেৰক তপন কুমাৰ শর্মা