নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ মিচিং লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক বসন্ত মিলিক “দামোদৰ দেৱ” বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ঐতিহাসিক আউনীআটী সত্ৰই ২০১২ বৰ্ষৰ পৰা প্ৰবৰ্তন কৰি অহা “দামোদৰ দেৱ” বঁটা ২০২১ বৰ্ষৰ বাবে নিৰ্বাচিত হোৱা মাজুলী কমলাবাৰীৰ সমীপৰ ঢাপাক গাঁৱৰ নিবাসী তথা মিচিং লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক বসন্ত মিলিক আজি আউনীআটী সত্ৰত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ সভাত ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে বটাটি প্ৰদান কৰে। সত্ৰৰ বৈষ্ণৱ সকলৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে। বঁটা প্ৰদান কৰাৰ আগমুহুৰ্তত ডঃ গোস্বামী দেৱে মহাপুৰুষ শংকৰদেৱৰ আৰু তেৰাৰ অনুগামী মাধৱ দেৱ, দামোদৰ দেৱ, ভট্টদেৱ আদি মহাপুৰুষ সকলৰ অবদানৰ বিষয়ে আলোক পাত কৰি বসন্ত মিলিৰ দৰে প্ৰতিভাবান শিল্পীক প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি সত্ৰখনে গুৰুজনাৰ সমন্বয় আদৰ্শ প্ৰতিষ্ঠা কৰা বুলি মন্তব্য কৰে। বসন্ত মিলিৰ দৰে লোকক সেনাপতি ৰূপে লৈ সমন্বয়ৰ আদৰ্শৰ এই যাত্ৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি ডিবাকৰ শইকীয়া, কমলাবাৰী সত্ৰৰ প্ৰভাত বুঢ়াভকত, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰাৰ লগতে সমজুৱাৰ হৈ টংক খাটনীয়াৰ, প্ৰধান শিক্ষক নগেন সাতোলা আদিয়ে সত্ৰৰ এনে পদক্ষেপক আদৰণি জনায়।

অতি সৰুকালৰে পৰা মিচিং সংস্কৃতিৰ সাধনা কৰি অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিবলৈ এছাম নতুন শিল্পীক গঢ় দি উলিয়ায় অনাৰ উপৰি সত্ৰীয়া সংস্কৃতিৰ সাধনা কৰি জনজাতীয় শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰি এক সমন্বয়ৰ আদৰ্শ স্থাপন কৰি আহিছে।

ভাওনাৰ উপৰি  মঞ্চতো অভিনয় কৰা এইগৰাকী লোকৰ পৰিচালনাত বহুতো মঞ্চ নাট প্ৰদৰ্শন কৰি প্ৰশংসা  লাভ কৰিছে। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত মিচিং শিল্পীৰ দ্বাৰা গ গুৰুজনাৰ ‘ৰামবিজয়’ নাট বানীবদ্ধ কৰি আন এক আদৰ্শ স্থাপন কৰিছে। মাজুলীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত বসন্ত মিলি বৰ্তমান মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আহিছে।  মিলিয়ে বঁটা গ্ৰহণ কৰি কয়- মাজুলীত ধৰ্মীয় সংঘাতৰ বাবে কেবল সত্ৰক জগৰীয়া কৰাটো উচিত নহয়। স্ব ধৰ্ম ত্যাগ কৰা সকল নিজৰ সংস্কৃতিৰ ওপৰত কিমান দায়বদ্ধ সেইটো অনুধাৱন কৰাটো উচিত।  বঁটা গ্ৰহণ কৰি আজিৰ পৰা দায়িত্ব বাঢ়িল বুলি উল্লেখ কৰি কয়- আজীৱন গুৰুজনাৰ সমন্বয়ৰ আদৰ্শ প্ৰতিষ্ঠাৰ বাবে কাম কৰি যাম।

সভাখনৰ আঁত ধৰে দামোদৰ বঁটা ন্যাসৰ সম্পাদক তুলসী ৰাজখোৱাই। সভাত আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেবানন্দ গোস্বামী প্ৰমুখ্যে সত্ৰৰ বিশিষ্ট বৈষ্ণৱ বৃন্দ, ধাপাক গাঁও পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে গাঁৱৰ ৰাইজ, বিশিষ্ট সত্ৰীয়া শিল্পী গোলাপ বৰবায়ন, নীলোৎপল হাজৰিকা, কেশৱ কাকতি, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা প্ৰমুখ্যে বিভিন্ন মাধ্যমৰ সাংবাদিকসকল আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই বঁটাত আছে নগদ ধন, গ্ৰন্থৰ টোপোলা, অংশ বস্ত্ৰ আৰু মান পত্ৰ।কাতি বিহু দিনাৰ পবিত্ৰ ক্ষণত সত্ৰাধিকাৰৰ চ’ৰাত বঁটাটি প্ৰদান কৰাৰ বাবে সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰে।

Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like