নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনাঃ ধুবুৰীত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰি গুলিবিদ্ধ এজন

সোঁভৰিত গুলি লগা ৰাহুল প্ৰসাদ নামৰ যুৱকজন বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল আৰক্ষীৰ এনকাউন্টাৰৰ এক ঘটনা। এইবাৰ ধুবুৰীত সংঘটিত হোৱা সেই ঘটনাত ভৰিত গুলী লাগিল আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা যুৱক এজনৰ। যোৱানিশা আৰক্ষীয়ে লগত লৈ চলোৱা এক ড্ৰাগচ বিৰোধী অভিযানৰ সময়ত জনৈক ৰাহুল প্ৰসাদ নামৰ যুৱকজনে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত সময়ত সংঘটিত হৈছে সেই ঘটনাটো।

স্মৰ্তব্য যে, যোৱা ১৭ অক্টোবৰৰ ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক দিপঙ্কৰ দত্ত লহকৰৰ নেতৃত্বত ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত আৰক্ষীৰ এটি দলে এক অভিযান চলাইছিল। সেই অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেট আৰু অন্যান্য সামগ্ৰীসহ জনৈক ৰাকেশ দাস , ৰাহুল প্ৰসাদ আৰু আবু তালেৱ মোল্লা নামৰ তিনিজন যুৱক আৰক্ষীৰ জালত পৰিছিল।

জানিব পৰা মতে ধৃত সেই ৰাহুল প্ৰসাদ নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা যুৱকজনক লগত লৈ আৰক্ষীৰ এটি দলে প্ৰথমে তেখেতৰ গৃহৰ পিছফালৰ পৰা উদ্ধাৰ কৰিছিল কিছু নিচাযুক্ত ঔষধ। তাৰপিছত যুৱকজনে দিয়া তথ্যনুসৰি তেওঁক লৈ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী শোলমাৰীৰ কিছমত হাচদহ প্ৰথম খণ্ড অঞ্চলৰ জনৈক আমিনুৰৰ ঘৰ অভিমুখে যাত্ৰা কৰিছিল আৰক্ষীয়ে। কিন্তু ধুবুৰীৰ পৰা কিছমত হাসদহ প্ৰথম খণ্ড অঞ্চলত যাত্ৰা কৰাৰ পিছত মাজবাটতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্ট কৰে যুৱকজন।

তেতিয়া উপায়ন্তৰ হৈ যুৱকজনক ৰখাবলৈ তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰিবলগীয়া হোৱা বুলি সদৰি কৰিছে আৰক্ষীয়ে। সোঁ ভৰিত গুলিবিদ্ধ হোৱা যুৱকজনক বৰ্তমানে ধুবুৰীৰ ঝগৰাৰপাৰস্থ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like