নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ আলফা স্বাধীনৰ ৫ সদস্য

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ  দৰং আৰু ওদালগুৰি জিলাত পুনৰ সক্রিয় ৰূপত আত্মপ্রকাশ কৰিছে আলফা স্বাধীনে৷ জিলা দুখনত পূর্বৰ কেইবাগৰাকী আলফা সদস্যই আলোচনাৰ পক্ষত অৱস্থান কৰাৰ পিছত আলফা (স্বাধীন)ৰ কাম–কাজ বিশেষভাৱে পৰিলক্ষিত হোৱা নাছিল যদিও গোপনে যে সংগঠনটোৱে সাংগঠনিক কাম–কাজ অব্যাহত ৰাখিছে তাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে৷ আনকি দৰং আৰু ওদালগুৰিৰ বিভিন্ন এলেকাৰ পৰা নতুন নতুন যুৱক সংগঠনটোত অন্তর্ভুক্তিৰ বাবে কিছু দিনৰ পৰা সংগঠনটোৱে গোপনে তৎপৰতাও চলাইছে৷ ভিন্ন ভাগত ভাগ হৈ এনেদৰে চলোৱা তৎপৰতা শেহতীয়াকৈ পোহৰলৈ আহিছে আৰক্ষীৰ এটা ধাৰাবাহিক অভিযানত৷ বিগত তিনি দিন ধৰি দৰং আৰক্ষীৰ আলফা স্বাধীনৰ লগত জডিত থকাৰ অভিযোগত পাঁচজনকৈ যুৱক আটক হৈছে৷ ইয়াৰে তিনিজন দৰঙৰ ছিপাঝাৰ থানা এলেকাৰ আৰু আন দুজন হৈছে ওদালগুৰিৰ হৰিশিঙা থানা এলেকাৰ৷ ছিপাঝাৰ থানাত এই সন্দর্ভত এটা গোচৰ ৰুজু হোৱাৰ লগতে সম্প্রতি কেউজনকে অধিক তথ্যৰ বাবে দুয়োখন জিলাৰ বিভিন্ন এলেকালৈ নি অধিক তথ্যৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ উল্লেখ্য যে আজি বিয়লি পর্যন্ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা যুৱককেইজন হ’ল– ছিপাঝাৰ থানাৰ কমাৰগাঁৱৰ খনিন্দ্র কলিতা আৰু হিৰেন কলিতা, নাপ্তাপাৰাৰ ধর্মেন্দ্র ডেকা আৰু হৰিশিঙাৰ বৰঙাবাৰীৰ বলেন ডেকা আৰু আম্লাইগুৰিৰ ধ্রুৱজ্যোতি বৈশ্য৷

ইয়াৰে এজন পূর্বতে আলফা সম্পর্কীয় গোচৰত গ্রেপ্তাৰ হোৱা৷ ইফালে দৰং আৰক্ষীয়ে সমগ্র অভিযান সন্দর্ভত এই পর্যন্ত মুখ খোলা নাই সংবাদ মাধ্যমৰ আগত৷ কাইলৈ দিনৰ ভাগত আৰক্ষী অধীক্ষকে সকলো তথ্য মুকলি কৰাৰ সম্ভাৱনা আছে৷ এটা বিশেষ সূত্রৰ পৰা পোৱা তথ্য মতে কেইবাজনো যুৱকৰ লগতে ছিপাঝাৰৰ বুঢ়াখাতৰ এজন ১৯বছৰীয়া যুৱকক সংগঠনটোত ভর্তি কৰোৱাৰ বাবে গোপনে নাগালেণ্ডৰ এটা কেম্পলৈ প্রেৰণ কৰিছিল আৰু তাৰ পৰাই যোগদানৰ সিদ্ধান্ত সলনি কৰি পলাই আহিছিল যুৱকজন৷ এই তথ্য আৰক্ষীৰ বিশেষ শাখাই লাভ কৰাৰ পিছতেই দৰং আৰক্ষীয়ে অতি সংগোপনে আৰম্ভ কৰে অভিযান৷ যুৱকজনৰ তথ্যৰ ভিত্তিত গ্রেপ্তাৰ কৰে নতুনকৈ অন্তর্ভুক্ত যুৱককেইজনক৷ আনহাতে জিলা দুখনত আলফা স্বাধীনৰ শেহতীয়া এই তৎপৰতাত জিলাখনৰ এগৰাকী যুদ্ধবিৰত আলফা গোপনে জডিত থকাৰ সন্দেহ প্রকাশ কৰি আৰক্ষীয়ে ইত্যিমধ্যে উক্ত সদস্যজনকো মঙলদৈ থানাত সোধা–পোছা অব্যাহত ৰাখিছে৷ উল্লেখ্য, দৰং, ওদালগুৰিৰ কেইবাগৰাকীও দুর্ধর্ষ কেডাৰৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে বহু সংখ্যকে যুদ্ধবিৰত শিবিৰত অৱস্থান কৰাৰ পিছত সম্প্রতি আলফা স্বাধীনে এনেদৰে গোপনে তৎপৰতা অব্যাহত ৰখাটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে৷ অৱশ্যে আৰু কিমানসংখ্যক লোক জডিত হৈ আছে সেয়া দুই–এদিনতে পোহৰলৈ আহিব৷ আনহাতে আলফা স্বাধীনৰ লগত যুৱককেইজন কেৱল সদস্যভর্তিৰ ক্ষেত্রত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল নে অন্যান্য কাম–কাজতো জডিত আছিল, সেয়াও বর্তমান পর্যন্ত পোহৰলৈ অহা নাই৷ তেওঁলোকৰ জিম্মাৰ পৰা আলফা স্বাধীনৰ লিখনী পত্র (ৰাইটিং পেড)ৰ লগতে ধন দাবী, আলফাৰ ম্যানমাৰৰ শিবিৰৰে সঘন যোগাযোগত ব্যৱহূত ম’বাইল ফোন জব্দ কৰিছে দৰং আৰক্ষীয়ে৷

You might also like