দৰঙত ক’ভিডত দুগৰাকীৰ মৃত্যু; ৮১৫লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
নিয়মীয়া বাৰ্তা, ২৯এপ্ৰিল: ছিপাঝাৰৰ বিভিন্ন অঞ্চলত কভিডৰ গণ সংক্ৰমণ হোৱাৰ পিছত আজি ছিপাঝাৰত এগৰাকী অৱসৰী শিক্ষকে মৃত্যুক সাৱটি লয় । ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ব্যাসপাৰাৰ কনক চন্দ্ৰ শৰ্মা নামৰ লোকগৰাকী কভিড আক্ৰান্ত হৈ নিজৰ গৃহতে আছুতীয়াকৈ আছিল আৰু আজি বিয়লি মৃত্যুক সাৱটি লয়।
ইফালে দৰঙত বৃহস্পতিবাৰে ৮৭ জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিড ১৯ ৰ উপস্থিতি ।এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৮১৫ জনলৈ বৃদ্ধি পালে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৪৯৩ জন ক’ভিড আক্ৰান্ত। ইয়াৰে ৭৪ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৪১৭ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে।চিকিৎসালয়ত থকা ক’ভিড আক্ৰান্তসকলৰ ভিতৰত ৩৪ জন মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ৩২ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ৪ জন আৰু গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত ৪ জন লোক ভৰ্তি হৈ আছে।
ইফালে আজিৰ দিনটোত জিলাখনত ক’ভিডৰ ১৬৬৩ টা ৰেপিড এন্টিজেন টেষ্ট (RAT) আৰু ২২৫ টা আৰ টি পি চি আৰ (RTPCR) টেষ্ট সম্পন্ন হৈছে।
উল্লেখ্য যে ছিপাঝাৰৰ কনক চন্দ্ৰ শৰ্মাৰ লগতে মঙলদৈৰ কৰিম চকৰ বীৰেন ঘোষ নামৰ লোকগৰাকীৰো আজি মৃত্যু হয়। কভিড আক্ৰান্ত লোকগৰাকী গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।