নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনৰ ৰিজাল্ট; ২ মে’ত উলিয়াব নোৱাৰিব বিজয় সমদলঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ বৃহস্পতিবাৰে হঠাৎ বিহালী সমষ্টিত উপস্থিত হ’ল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ কয়, ২ মে নিৰ্বাচনৰ ফলাফলৰ পাচত কোনেও বিজয় ৰেলী কৰিব নোৱাৰিব। লগতে অসমত ল’কডাউন হোৱা পৰিস্থিতি এতিয়াও হোৱা নাই বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ৷

বিশ্বনাথত উপস্থিত হোৱাৰ পাচতে বিহালীৰ বৰগাংৰ বৰবিল চাহ বাগিচাত থকা মা’ কালী মন্দিৰত সেৱা গ্ৰহণ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ আগত তেওঁ কয় যে, অসমৰ প্ৰত্যেকখন ক’ভিড হাস্পতালত বিচনা, চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰা লগতে সকলো সাজু কৰি ৰখা হৈছে ।

You might also like