নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত মৃত নাহৰফুটুকী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : তিতাবৰৰ ভাগ্যলক্ষী নামৰ এখন গাঁৱত আজি এটা প্ৰকাণ্ড মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দীর্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে। প্রায় ৫ বছৰীয়া মৃত বাঘটো আজি পুৱাৰ ভাগতে কুঁৱাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে। ঘটনাৰ সন্দৰ্ভত লগে লগে তিতাবৰৰ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ কৰ্মী আহি মৃত বাঘটো চমজি লয়। ৭ ফুট দীঘল নাহৰফুটুকী বাঘটো তিতাবৰ খণ্ড বন বিষয়া কাৰ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে।
You might also like