নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ ১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টৰ আত্মসমৰ্পণ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ঘনিষ্ঠ তথা মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টই অৱশেষত আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা প্ৰৱঞ্চকগৰাকীৰ সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দীপাংকৰে পলাই থকাৰ কোনো পথ নেদেখি আজি পুৱাই মুছলপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰে ৷ তাৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ জেৰাৰ কালত প্ৰৱঞ্চক দীপাংকৰে বহু বিস্ফোৰক তথ্য সদৰি কৰা বুলি জানিব পৰা গৈছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সাংবাদিকক কোৱাৰ পৰা বিৰত থাকে৷ কাইলৈ প্ৰৱঞ্চক দীপাংকৰক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে জিম্মালৈ অনাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ইতিমধ্যে বাক্সাৰ ১০০ কোটি টকীয়া ট্রেডিং কেলেংকাৰিৰ মূল অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ স’তে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক’লা বৰণৰ ‘ফৰচুনাৰ’ বাহনখনৰ লগতে তিনিখন মটৰচাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউন্ট আৰু এটিএম কার্ড জব্দ কৰিছিল৷ প্ৰণিধানযোগ্য যে দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্রেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেবা ঠাইতো নামে-বেনামে মাটি ক্রয় কৰাৰ উপৰি কেইবাখনো ব্যৱসায় প্রতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। আজি মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টই আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে মুছলপুৰ থানাৰ সম্মুখত বহু লোকে ভিৰ পৰা পৰিলক্ষিত হয়। উল্লেখ্য যে দুদিন পূৰ্বে দীপাংকৰ ভট্টৰ দুই সহযোগী তথা আই চি আই চি আই চি বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী ক্ৰমে মংগলদৈৰ জ্যোতিষ্মান শৰ্মা আৰু নিকাচীৰ সুমিত বৰ্মনক আৰক্ষীয়ে বঙাইগাঁওত গ্ৰেপ্তাৰ কৰিছিল। সম্প্ৰতি এই দুই সহযোগীক আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক নিৰেণ কুমাৰ শৰ্ম্মা 
You might also like