নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত ৰাভা জাতীয় সংগঠনৰ প্ৰতিনিধি সভা

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী লোহাৰঘাটত আজি দুটাকৈ ৰাভা জাতীয় সংগঠনৰ প্ৰতিনিধি সভাৰ অনুষ্ঠিত কৰা হয়৷ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ একবিংশতিতম দ্বি-বাৰ্ষিক আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাৰ কাৰ্যসূচী অনুসৰি পুৱা দুয়োটা সংগঠনৰে সভাপতি আৰু সভানেত্ৰী ক্ৰমে কমলেশ্বৰ ৰাভা তথা ভাৰতী ৰাভাই পতাকা উত্তোলন কৰে৷ ইফালে আঞ্চলিক আৰছুৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি ৰাভাই শ্বহীদ তৰ্পণ কৰাৰ উপৰি সংগঠন কেইটাৰ প্ৰাক্তন বিষয়ববীয়া ৰশ্মিবালা ৰাভা, নৃপেন চন্দ্ৰ ৰাভা আৰু দিলীপ কুমাৰ ৰাভাই গছপুলি ৰোপণ কৰে। আনহাতে, প্ৰতিনিধি পঞ্জীয়নৰ লগতে অশোক নংবাগ আৰু মল্লিকা ৰাভাই প্ৰতিনিধি সভা উদ্বোধন কৰে৷ তদুপৰি মুখপত্ৰ ৰাংচাৰি আৰু নেত্খ্ৰক উন্মোচন কৰে দেৱজিত নাফা তথা ললিতা ৰাভাই৷

প্ৰেৰক নুৰুল ইছলাম

You might also like