ধুবুৰীত লাচিত দিৱস পালন
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগত আজি ধুবুৰীতো লাচিত দিৱস উদযাপিত হয়। আজি পুৱাৰ ফালে হিন্দু জাগৰণ মঞ্চ, ধুবুৰী জিলা সমিতিৰ উদ্যোগত লাচিত দিৱস উপলক্ষে ধুবুৰীৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত বীৰ যোদ্ধাগৰাকীক সোঁৱৰিবলৈ এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাখনৰ অন্তত কাষতে থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা সংগঠনটোৰ উদ্যোগত এটা মটৰ চাইকেল ৰেলীও অনুষ্ঠিত হয়।
ইফালে প্ৰতি বছৰৰ দৰে এইবেলিও সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ ধুবুৰীৰ বালুৰচৰ অঞ্চলস্থিত কাৰ্যালয়ত আজিৰ লাচিত দিবসৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে ‘দেশভক্তি সমাবেশ’ উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত প্ৰতিযোগিতামূলক চিত্ৰাঙ্কন, নৃত্য –গীত আদি অনুষ্ঠিত হয়। উক্ত সমাৱেশ কাৰ্যসূচীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক সমিতি, ধুবুৰী জিলা সমিতিৰ কাৰ্য্যকৰ্তা, আমন্ত্ৰিত শিক্ষাবিদকে ধৰি সমল ব্যক্তিসকলে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায়।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী