নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যা সন্তান জন্ম দিয়াই অপৰাধঃ মহিলাক নিৰ্মম অত্যাচাৰ স্বামীৰ ! অত্যাচাৰ সহিব নোৱাৰি মছজিদৰ ছাদত আশ্ৰয়

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কন্যা সন্তান জন্ম দিয়াই অপৰাধ হ’ল মৰিগাঁও জিলাৰ মিকিৰগাঁও অঞ্চলৰ এগৰাকী শিক্ষিতা মহিলাৰ। মধ্য যোগীয়া মানসিকতা ধাৰণ কৰি ফুৰা ৰিয়াজুদ্দিন আহমেদ নামৰ লোকজনৰ দীৰ্ঘদিনীয়া মানসিক অত্যাচাৰৰ প্ৰতিবাদত তথা বিভিন্ন পক্ষৰ পৰা ন্যায় লাভত বঞ্চিত হোৱাৰ ফলশ্ৰুতিত আজি এগৰাকী মহিলাই কোলাত ২ মহীয়া সন্তানটি লৈ মিকিৰগাঁও অঞ্চলৰ মছজিদৰ চাদৰ ওপৰত আশ্ৰয় লৈ আত্মহননৰ ভাবুকি দিবলগীয়া ঘটনা সংঘটিত হয়।

উল্লেখ্য আজি সমগ্ৰ ঘটনা পুৱতি নিশাৰ পৰা আৰম্ভ হৈছিল। জায়েদা বেগম নামৰ এই মহিলা গৰাকীৰ কন্যা সন্তান টি দুমাহ পূৰ্বে জন্ম হৈছিল। আৰু তেতিয়াৰ পৰাই লম্পত স্বামী ৰিয়াজুদ্দিনে কন্যা সন্তান জন্ম দিয়াত ক্ষোভিত হৈ এই সন্তান টি তেওঁৰ নহওঁ বুলি কৈ পত্নীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। এই সন্দৰ্ভত জালুগুটি আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল মহিলাগৰাকীয়ে। কিন্তু মহিলা গৰাকীয়ে আৰক্ষীৰ পৰা সঁহাৰি লাভত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে। গাঁৱৰ সমাজ মাটি সুবিচাৰ আশা কৰিছিল যদিও সেয়া ফলপ্ৰসূ নহল বুলি তেওঁ অভিযোগ কৰে। পতিৰ অত্যাচাৰ ইমানেই বাঢ়ি যায় যে আজি প্ৰায় 4 দিন ধৰি পত্নীক খাদ্য দিয়া নাছিল অত্যাচাৰী স্বামীয়ে। ইয়াৰ পিছতে এক প্ৰকাৰে দিশ হাৰা হৈ আজি পোৱা ৮ বজাত মছজিদ ৰ নৱ নিৰ্মিত সাদত অৱস্থান গ্ৰহণ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। কোলাত ২ মহীয়া সন্তানটি লৈ আত্মহত্যাৰ ভাবুকি প্ৰদান কৰাৰ লগে লগে এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হয়। কেইবা শতাধিক লোকৰ উপস্থিতিৰ মাজতে মহিলাগৰাকীক উদ্ধাৰৰ বাবে মৰিগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ এছ ডি আৰ এফৰ বাহিনী সহযোগত কৌশলেৰে  শিশুটি সহ মহিলাগৰাকীক চাদৰ পৰা উদ্ধাৰ কৰে । কিন্তু তাৰ পিছতে একাংশ মহিলা আৰু পুৰুষে আৰক্ষীয়ে পূৰ্বতে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি আৰক্ষীক মহিলাগৰাকীক লৈ যোৱাত বাধা প্ৰদান কৰে । তাৰ পিছতে আৰক্ষীৰ সৈতে খণ্ড যুদ্ধৰ সৃষ্টি হৈ আৰু পুনৰ আৰক্ষী বাহিনীৰ পৰা মহিলাগৰাকী আৰু শিশুটিক লৈ গৈ আৰক্ষীক আবদ্ধ কৰি ৰাখে। অৱশেষত দীৰ্ঘ আলোচনাৰ অন্তত ৰাইজ শান্ত হৈ আৰু আৰক্ষীয়ে মহিলা গৰাকীক শিশুটিৰ সৈতে উদ্ধাৰ কৰি মৰিগাঁও সদৰ থানালৈ লৈ যায়। আনহাতে মহিলাৰগৰাকীৰ প্ৰকাশ কৰাৰ দৰে আৰক্ষীৰ অৱহেলাৰ কথা অস্বীকাৰ কৰি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাই কয় যে উক্ত মহিলাগৰাকীয়ে ১৩ নৱেম্বৰ তাৰিখে জালুগুটি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল ।

You might also like