নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ সভাপতিৰ বিৰুদ্ধে বিদ্ৰোহৰ উকমুকনি

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ বিজেপিৰ দখলত থকা ধুবুৰী পৌৰসভাৰ অধ্যক্ষক সলনি কৰাৰ দাৱীৰে দলটোৰেই একাংশ ৱাৰ্ড আয়ুক্তই সম্প্ৰতি ৰাজ্যিক নেতৃত্বৰ কাষ চপা বুলি স্থানীয় একাংশ মহলত বৰ্তমানে ব্যাপক চৰ্চা লভা পোৱা গৈছে। উল্লেখ্য যে বিগত পৌৰসভা নিৰ্বাচনত প্ৰত্যয়িত বিজয়েৰে একেৰাহে তৃতীয়বাৰৰ বাবে ধুবুৰী পৌৰসভা দখল কৰিছিল বিজেপিয়ে। চহৰখনৰ ১৬টা ৱাৰ্ডৰ ১১টাতে বিজয় সাব্যস্ত কৰি পৌৰসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছৰে পৰা বিজেপিৰ একাংশ নেতাৰ মাজত ভিতৰি ভিতৰি থকা অৰিয়াঅৰিৰ বাবে ধুবুৰী পৌৰসভাৰ সম্ভাৱ্য সভাপতিক লৈ দলটোৰ স্থানীয় মহলত ল’বীকেন্দ্ৰিক ৰাজনীতি তুংগত উঠিছে বুলিও সেই সময়ত ব্যাপক ৰূপে চৰ্চা লভা পোৱা গৈছিল। অৱশ্যে সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই বিগত ৭ এপ্ৰিলত ধুবুৰী জিলা বিজেপিৰ পূৰ্বৰ সভাপতি তথা চহৰখনৰ ২নং ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰা ড৹ দেৱময় সান্যালে সৰ্ব সন্মতিক্ৰমে ধুবুৰী পৌৰসভাৰ অধ্যক্ষৰ দায়িত্ব লভিছিল। সেই সময়ত পৌৰসভাটোৰ অধ্যক্ষৰ পদৰ এগৰাকী দাৱীদাৰ বুলি চৰ্চিত হোৱা ধুবুৰী চহৰৰ এটা বিশেষ ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্তৰ নেতৃত্বতেই বিজেপিৰ ধুবুৰী পৌৰসভাৰ ৭/৮ গৰাকী ৱাৰ্ড আয়ুক্তৰ এটি দলে গুৱাহাটীত বাহৰ পতা বুলি জানিব পৰা গৈছে। অৱশ্যে বিষয়টো লৈ আনুষ্ঠানিকভাৱে বিজেপিৰ স্থানীয় নেতৃত্বই কোনো ধৰণৰ মন্তৱ্য দিয়াৰ পৰা বিৰত আছে যদিও ধুবুৰী পৌৰসভাৰ বৰ্তমানৰ অধ্যক্ষ ডা৹ দেৱময় সান্যালৰ অপসাৰণৰ বাবে সেই দলটোৱে আজি ৰাজ্যিক নেতৃত্বক সাক্ষাৎ কৰা বুলি কিন্তু স্থানীয় একাংশ মহলত ব্যাপক চৰ্চা ল’ভা পোৱা গৈছে। উল্লেখনীয় যে দীৰ্ঘদিনৰ পৰাই ধুবুৰী পৌৰসভাত কেইগৰাকীমান কৰ্মচাৰী আৰু এছাম  ঠিকাদাৰৰ এক শক্তিশালী দালাল চক্ৰ সক্ৰিয় থকা বুলি এক বু-বা আছে। চৰ্চানুসৰি, এই বিশেষ চক্ৰটোৱে  নিজৰ অভিষ্ট সিদ্ধিৰ লক্ষ্যৰে প্ৰতিবাৰ পৌৰসভা নিৰ্বাচনৰ পিছত  নিজৰ পছন্দৰ ব্যক্তিক ধুবুৰী পৌৰসভাৰ অধ্যক্ষ অথৱা উপাধ্যক্ষৰ পদত বহুৱাবলৈ কূট–কৌশল ৰচি আহে। এনে প্ৰেক্ষাপটত, পৌৰসভাৰ সাম্প্ৰতিক কিছু ঘটনাৱলীয়ে ধুবুৰী বিজেপিৰ ভিতৰচৰাত থকা দুটা/তিনিটা শিৱিৰৰ মাজৰ শীতল যুঁজৰ সুযোগ লৈ  সেই বিশেষ চিণ্ডিকেট চক্ৰটোৱে চলাই অহা পূৰ্বৰ সেই কুটিল ৰাজনীতি বৰ্তমানেও অৱ্যাহত ৰখা বুলিয়েই সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই। আনকি ধুবুৰী চহৰৰ উন্নয়নৰ বাবে ধুবুৰী পৌৰসভাই হাতত লোৱা কেইবাকোটি টকীয়া কেইবাটাও প্ৰকল্পৰ কাম নিজৰ কুক্ষিগত কৰিবলৈ সেই বিশেষ চক্ৰটোৱে গোপনে কূট–কৌশল ৰঁচাৰ দিশটোও ন্যুই কৰা নাই স্থানীয় ভূ ৰখা মহল একাংশও। অৱশ্যে ধুবুৰী পৌৰসভাৰ বিক্ষুব্ধ পৌৰ আয়ুক্তৰ সেই দলটোৱে এই মূহুৰ্তত ডা৹ সান্যালক অপসাৰণ কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বক সৈমান কৰাৰ সম্ভাৱনা কম বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে ভূৰখা বহুতেই। আনহাতে, আগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী বিজেপিত দীৰ্ঘদিনৰ পৰা এছামৰ মাজত থকা শীতল যুঁজখন দমন কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে বিজেপিৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like