নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান বিধায়ক ৰূপক শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে আজি নগাঁৱত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হয় । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক স্কুটী সমূহ বিতৰণ কৰা হয় । নগাঁৱৰ বেবেজীয়াৰ “গণপতি হিৰো” নামৰ দুচকীয়া বাহনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰূপায়িত হোৱা এক অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও জিলাৰ পৰিবহন বিষয়া সুনীল বৰা, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানতেই বিধায়ক ৰূপক শৰ্মাই সমগ্ৰ ৰাজ্যৰ ভিতৰতে নগাঁও জিলাত সৰ্বাধিক বঁটা প্ৰাপক ছাত্ৰ-ছাত্ৰী আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ছাত্ৰীসকলৰ বাবে ৰঙা আৰু ছাত্ৰসকলৰ বাবে নীলা ৰঙৰ স্কুটী বঁটা হিচাপে আগবঢ়োৱা হ’ব আৰু নগাঁও জিলাত সৰ্বাধিক প্ৰায় ৩৫০০ ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে লাভান্বিত হ’ব বুলি জানিব পৰা গৈছে ।

You might also like