নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৃহৎ পৰিমাণৰ ইয়াব্বা টেৱলেটসহ ড্ৰাগচ সৰবৰাহকাৰী আটক

 নিয়মীয়া বাৰ্তা২২ নৱেম্বৰ:আজি ধুবুৰী আৰক্ষীৰ এক অভিযানত বৃহৎ পৰিমাণৰ নিছাযুক্ত ইয়াব্বা টেৱলেটসহ এজন ড্ৰাগচ সৰবৰাহকাৰী কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ দলে আৰম্ভ কৰা নাকা চেকিংৰ সময়ত ধুহুৰী–গৌৰীপুৰ সংযোগী পথৰ কালী মন্দিৰ সমীপৰ ৰাজপথৰ পৰা ৪ হাজাৰ ইয়াব্বা টেৱলেটসহ কৰায়ত্ব হৈছে ব্যক্তিজন। ধৃত জাকিৰ হুছেইন নামৰ সেই ড্ৰাগছ সৰবৰাহকাৰীজন দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বাসিন্দা বুলি প্ৰকাশ।

You might also like