নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বজালৈ ধুবুৰী ZPCৰ কাৰ্যালয়ত খালী কৰ্মচাৰীৰ আসন

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ যোৱা ২১ জুলাইত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলোৱা ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্য্যালয়ত আজি বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা স্থানীয় সাংবাদিকৰ দল এটাই পুৱা ১০ বজালৈ কাৰ্য্যালয়টোৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী অনুপস্থিত থকা দেখা পায়। উল্লেখ্য যে স্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসহ কাৰ্য্যালয়টোৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হ’ল ২৯গৰাকী। কিন্তু তাৰ বিপৰীতে আজি পুৱা ১০ বজাত উপস্থিত সাংবাদিক দলটোৱে  মাথো কেইগৰাকীমান কৰ্মচাৰীহে কাৰ্য্যলয়টোত আহি উপস্থিত হোৱা প্ৰত্যক্ষ কৰে। উল্লেখ্য যে, অসম চৰকাৰৰ বিধিনুসৰি চৰকাৰী বন্ধৰ দিনৰ বাহিৰে যিকোনো চৰকাৰী কাৰ্য্যালয় খুলাৰ সময় হ’ল পুৱা ৯.৩০ বজা।  স্মৰ্তব্য যে যোৱা ২১ জুলাইৰ বিচলিত পৰা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটি দলে কাৰ্য্যালয়টোত চলোৱা প্ৰায় ১২ ঘন্টীয়া এক অভিযানৰ অন্তত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিশ্বজিৎ গোস্বামী আৰু  কাৰ্যালয়টোৰ অতিৰিক্ত জিলা আঁচনি বিষয়া মৃণালকান্তি সৰকাৰকো গ্ৰেপ্তাৰ কৰিছিল। ইপিনে আজিৰ এই দৃশ্যই জিলা পৰিষদৰ দৰে এক গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয় এটাৰ এয়াই কৰ্মসংস্কৃতিৰ  এয়াই আচল নমুনা নেকি বুলিও এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ  জন্ম দিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী
You might also like