মৰিধল মহাবিদ্যালয়ত বত্তৃণতানুষ্ঠান–ডিব্রুগড় চিটী কলেজত ছেমিনাৰত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : ‘মই পণ্ডিত নহয়, মোৰ পাণ্ডিত্যও নাই, তেনেহ’লে কিয় মোৰ ইমান ধৃষ্টতা? বত্তৃণতা সম্পূর্ণ মোৰ জীৱনৰ সাধনাৰ এক অংশ৷’ মঙলবাৰে ধেমাজি জিলাৰ মৰিধলস্থিত মৰিধল মহাবিদ্যালয়ৰ উদ্যোগত আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু দর্শন বিভাগৰ সহযোগত অনুষ্ঠিত এক বত্তৃণতানুষ্ঠানত ‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক বিষয়ত মন মগজুত সাঁচ বহুৱাব পৰাকৈ সাৰগর্ভ বক্তব্য প্রদান কৰে শ্রীৰামকৃষ, বিবেকানন্দ শ্রীৰবিন্দৰ অনুৰাগী আৰু অনুবাদক, সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক বিশিষ্ট লেখক–সাহিত্যিক দিগন্ত বিশ্ব শর্মাই৷
মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ লেখন গগৈয়ে আঁত ধৰা এই বত্তৃণতানুষ্ঠানৰ আদৰণি ভাষণ ৰাখে অধ্যক্ষ ডৎ দীপেন শহকীয়াই৷ হয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক–ধ্যাপিকাসকলৰ লগতে ছাত্র একতা সভাৰ দ্বাৰা দিগন্ত বিশ্ব শর্মাক গামোচা, ফুলাম জাপি, শৰাই আদিৰে আদৰণি–সম্বর্ধনা জ্ঞাপন কৰে৷ পুৱা ১০.২৯ৰ পৰা ১২ বজালৈকে ডেৰঘণ্টাজোৰা ভাষণত আৰম্ভণিতে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ কথাৰে আৰম্ভ কৰে ভাষণ৷ তেওঁ উল্লেখ কৰে যে ৰূপকোঁৱৰে নিনাদিত কৰিব বিচাৰিছিল সমগ্র আকাশ–বতাহ৷ ৰূপকোঁৱৰে কৈ গৈছিল ‘তোৰে মোৰে আলোকৰে যাত্রা, আমি পালো জীৱনৰ অর্থ অভিনৱ৷’ তেওঁ মত ব্যক্ত কৰি প্রশ্ন কৰে যে পালো জানো আমি জীৱনৰ অর্থ অভিনৱ৷ ৰূপকোঁৱৰে আলোকচিত কৰিবলৈ বিচাৰিছিল৷ এটা জ্ঞানৰ অভিযাত্রাৰ কথা কৈ গৈছিল৷ এতিয়া অসমৰ মানুহে ৰূপকোঁৱৰৰ সেই কথাৰ বাবে কিমান গুৰুত্ব দিছে৷ অসমৰ মানুহে জীৱনৰ অর্থ অভিনৱ পালে নে পোৱা নাই সেই বিষয়েও মই অৱগত নহয়৷
লগতে উল্লেখ কৰে যে বর্তমান যুগ বাণিজ্যতান্ত্রিক যুগ, এহ যুগ সমাজ, সাহিত্য, সংস্কৃতি, কলাৰ যুগ নহয় ৷ এতিয়া বিশুদ্ধ বাণিজ্যিক যুগ৷ এহ যুগত মানুহে কেৱল ভোগ–সম্ভোগ, তৃপ্তিৰ কথাৰ বাহিৰে আন কথা এই যুগৰ মানুহে চিন্তা কৰিব নিবিচাৰে৷ ইয়াৰ পাছতে শ্রীৰবিন্দৰ দর্শনক টানি আনি উল্লেখ কৰে যে পৃথিৱীৰ মানুহে এতিয়ালৈকে ৬টা বস্তু ‘হাছিল’ কৰিব পৰা নাই৷ আজিৰ মানুহে মংগল গ্রহত গৈ চাং পাতিবলৈ চিন্তা কৰিছে৷ এহ বিজ্ঞানৰ চমৎকাৰিতাৰ পাছতো কিন্তু ৬টা বস্তু হাছিল কৰিব পৰা নাই মানুহে৷ সেই কেইটাৰ প্রথম হৈছে ‘প্রেম’৷ মানুহে হাছিল কৰিব পৰা নাহ প্রেম, হয়াৰ বিপৰীতে হাছিল কৰিছে ঘৃণা আৰু আত্মতুষ্টিৰ৷ আনহাতে, এতিয়ালৈকে মানুহে জ্ঞান লাভ কৰা নাই৷ জ্ঞানৰ পৰিৱর্তে মানুহে লাভ কৰিছে ভুল–ভ্রান্তিৰ৷ তৃতীয়তে এতিয়ালৈকে মানুহে আনন্দ লাভ কৰিব পৰা নাই৷ বিপৰীতে লাভ কৰিছে উদাসীনতা৷ মানৱ জাতিয়ে এতিয়ালৈকে লাভ কৰা নাই শক্তিৰ৷ ইফালে পৃথিৱীৰ মানুহে এতিয়ালৈকে একত্র লাভ কৰিব পৰা নাহ৷ উপনিষদৰ ১০ বছৰীয়া নচিকতাৰ ত্যাগ আৰু মহানুভৱতাত জীৱনৰ অর্থ বিচাৰি পোৱা আৰু মহাভাৰতৰ তেজশ্রী যুৱক অশ্বত্থামাৰ আক্রোষৰ বাবে শ্রীকৃষৰ সুদর্শন চক্র বিচাৰি দাঙিব নোৱাৰা আদি কাহিনীৰ মাজেৰে ছাত্র–ছাত্রীসকলক জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতাৰ সন্দর্ভত ভাষণ দি উদ্বুদ্ধ কৰি তোলে৷ তেওঁ কয় যে জীৱিকা, অর্থ, ক্ষমতা আৰু খ্যাতি এহ চাৰিটা জীৱনৰ লক্ষ্য, কিন্তু সর্বোচ্চ নহয়৷ গতিকে পৰিপাতি, সাহস, মহত্ব, কৃতজ্ঞতাবোধ, প্রগতি, শ্রদ্ধা, আত্মাৰ সচেতনতা, একাগ্রতা এহসমূহে জীৱনৰ পৰিপূর্ণতা আনি দিয়ে৷ জীৱনৰ সার্থকতা আনি দিব পাৰে৷ তদুপৰি আমি ধন্যবাদক কৃতজ্ঞতা বোধলৈ ৰূপান্তৰিত কৰিব লাগিব৷ তেতিয়া আমাৰ জীৱন সফল হ’ব৷ আমি চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ চাকৰি সৃষ্টি কৰিব লাগে৷ তেওঁ উল্লেখ কৰে যে অন্তৰত থকা নচিকতাক জাগ্রত কৰি তুলিব পাৰিলেহে আমাৰ জ্ঞানৰ মন্দাকিনী প্রবাহিত হ’ব৷
ডিব্রুগড়ৰ চিটী মহাবিদ্যালয়ত মনোজ্ঞ আলোচনা–চক্র
প্রতিগৰাকী লোকৰ মাজত অন্তর্নিহিত হৈ থাকে অসাধাৰণ ব্যক্তিত্ব, ক্ষমতা আৰু উদ্যম৷ এই সমস্ত গুণৰাজিক নিজৰ ভিতৰৰ পৰা উলিয়াই বহিঃপ্রকাশ ঘটোৱাৰ বাবে চেষ্টা কৰা উচিত৷ ৰূপকোঁৱৰৰ কালজয়ী গীতৰ কথা ‘আমি পালো জীৱনৰ অর্থ অভিনৱ’ উপনিষদৰে এক সুন্দৰ বিশ্লেষণৰে জীৱনক এবাৰ হ’লেও নিভৃত কোণৰ পৰা হূদয়ংগম কৰা উচিত বুলি ৰামকৃষ পৰমসংহ, স্বামী বিবেকানন্দ তথা শ্রীৰবিন্দৰ অনুগামী তথা সুবক্তা দিগন্ত বিশ্ব শর্মাই মঙলবাৰে ডিব্রুগড়ৰ চিটী কলেজত আয়োজিত এক মনোজ্ঞ আলোচনা–চক্রত মন্তব্য কৰে৷ ডিব্রুগড়ৰ চিটী মহাবিদ্যালয়ৰ নন্দলাল বৰগোহাঁই প্রেক্ষাগৃহত মহাবিদ্যালয়খনৰ আই কিউ এ চি গোটৰ উদ্যোগত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা শীর্ষক এক মনোজ্ঞ বত্তৃণতা অনুষ্ঠানত শতাধিক ছাত্র–ছাত্রী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক–অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হয়৷ নৃতত্ত্ব বিভাগৰ নিৰঞ্জন বৰাহ আঁত ধৰা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শর্মাই কয়– মই কোনো পণ্ডিতপ্রবৰ নহয়, তেনেহ’লে কিয় মই এনে ধৃষ্টতা কৰিছো৷ বা মই কোনো বক্তাও নহয়৷ অসতোমা সৎ গময়, তমসো মা জ্যোতিৰ গময়, মৃত্যুৰ মা অমৃতম গময়৷ আমি অমৃতৰ সন্তান হ’ব বিচাৰোঁ৷ পাশ্চাত্যৰ সভ্যতাত সর্বোচ মানৱ জীৱনৰ লক্ষ্য হ’ল এজন শ্রেষ্ঠ মানৱ হোৱা৷ অর্থাৎ ন’ৰৰ পৰা নৰোত্তম হ’ব বিছাৰোঁ বুলি বক্তা দিগন্ত বিশ্ব শর্মাহ উল্লেখ কৰি পুনৰাহ কয় যে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাই শ্রেষ্ঠ মানৱ হোৱাতো নকয়৷