নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তৰ দুর্গম পথত সেনাক সাহায্যঃ আইটিবিপিৰ য়াক–ঘোঁৰাক পদক প্রদানৰ সিদ্ধান্ত চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : দেশক ৰক্ষা কৰিবলৈ সীমান্তত অশেষ কষ্ট স্বীকাৰ কৰিও প্রতি মুহূর্ততে পহৰা দি আহিছে ভাৰতীয় সেনাই৷ শত্রুৰ আক্রমণৰ পৰা মাতৃভূমিক ৰক্ষা কৰিবলৈ প্রাণ বলিদান দিয়া বীৰ যোদ্ধাসকলৰ কথা দেশবাসীৰ বাবে জ্ঞাত৷ কিন্তু প্রচণ্ড শীতত বীৰ সৈনিকসকলৰ সহযোদ্ধা হিচাপে থকা ‘পশু বাহিনী’ৰ কথা খুব কমকৈ চর্চালৈ আহে৷ পাহাৰৰ দুর্গম পথেৰে সেনালৈ নিয়মিতভাৱে সামগ্রী কঢ়িয়াই থকা ভাৰতীয় সেনাৰ য়াক ‘বাহুবলী’ আৰু ঘোঁৰা ‘মধু’ক এইবাৰ পুৰস্কৃত কৰিবলৈ ওলাইছে চৰকাৰ৷ ভাৰতীয় সেনাৰ য়াক আৰু ঘোঁৰা দুটাক এইবাৰ পৰিশ্রমৰ স্বীকৃতি হিচাপে পদক দিব চৰকাৰে৷ ভাৰত–তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি এতিয়ালৈকে সহযোদ্ধা মধুৱে প্রায় ৬০ হাজাৰ কিলোগ্রাম ওজন বহন কৰিছে৷ বর্তমান মধুৰ বয়স ১০ বছৰ৷ ইফালে, ১০ বছৰ বয়সীয়া য়াক বাহুবলীয়ে কঢ়িয়াইছে ৭ হাজাৰ কিলোগ্রাম ওজন৷

You might also like