নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্রথম ডিজিটেল মুদ্রাৰ পাইলট প্রকল্প আৰম্ভ কৰিলে আৰ বি আয়ে

চৰকাৰী বণ্ডকে ধৰি বিভিন্ন ক্ষেত্রত এই ডিজিটেল মুদ্রাৰ ব্যৱহাৰ হ’ব

  • চৰকাৰী বণ্ডকে ধৰি বিভিন্ন ক্ষেত্রত এই ডিজিটেল মুদ্রাৰ ব্যৱহাৰ হ’ব
  • পাছলৈ সকলো শ্রেণীৰ লোকে চিবিডিচি অর্থাৎ ডিজিটেল মুদ্রা ব্যৱহাৰ কৰিব পাৰিব
  • ডিজিটেল মুদ্রাক চিবিডিচি হিচাপে জনা যাব
  • দুই ধৰণৰ চিবিডিচি–প্রথম হৈছে পাইকাৰী চিবিডিচি, দ্বিতীয়টো খুচুৰা চিবিডিচি
  • ডিজিটেল লেনদেনৰ দৰেই হ’ব এই চিবিডিচি

 

নিয়মীয়া বাৰ্তা, ২নৱেম্বৰ : ভাৰতীয় ৰিজার্ভ বেংকে মুকলি কৰিলে দেশৰ প্রথম ডিজিটেল মুদ্রাৰ পাইলট প্রকল্প৷ চৰকাৰী বণ্ডৰ লগতে বিভিন্ন ক্ষেত্রত এই ডিজিটেল মুদ্রা ভার্চুৱেল মুদ্রা হিচাপে ব্যৱহাৰ কৰা হ’ব৷ সাধাৰণ টকাৰ লেখীয়া এই ডিজিটেল মুদ্রাৰ ব্যৱহাৰ কৰা নহয়৷ ক্রীপটোকাৰেঞ্চীৰ লেখীয়া এই ডিজিটেল মুদ্রা হ’ব৷ কিন্তু এই ডিজিটেল মুদ্রাৰ বিকেন্দ্রীকৰণ নহ’ব৷ ভাৰতীয় ৰিজার্ভ বেংকেহে এই ডিজিটেল মুদ্রাক নিয়ন্ত্রণ কৰিব৷ ভাৰতীয় চৰকাৰৰ দ্বাৰা সম্পূর্ণ গ্রহণযোগ্য আৰু আইনী এই ডিজিটেল মুদ্রা৷ দুটা পর্যায়ত দেশৰ প্রথম ডিজিটেল মুদ্রা মুকলি কৰা হৈছে৷ পাইকাৰী লেনদেন তথা বৃহৎ পৰিমাণৰ লেনদেনৰ বাবে প্রথম পাইলট প্রকল্প হিচাপে ডিজিটেল মুদ্রা তথা ডিজিটেল টকা ৰিজার্ভ বেংকে মুকলি কৰিছে৷ ডিজিটেল মুদ্রাক চেণ্ড্রেল বেংক ডিজিটেল কাৰেঞ্চী, চমুকৈ চিবিডিচি হিচাপে জনা যাব৷ ৰিজার্ভ বেংকৰ দ্বাৰা জাৰি কৰা ই হৈছে মুদ্রাৰ ডিজিটেল ফর্ম৷ বেংক নোটৰ পৰা ই বিশেষ বিভেদ নহয় যদিও এই ডিজিটেল মুদ্রা উজু, ক্ষিপ্রতৰ আৰু সস্তা হ’ব৷ ডিজিটেল টকাৰ ফর্মৰ দৰেই এই লেনদেনতো লাভৱান্বিত হ’ব৷ বৃহৎ পৰিমাণৰ আদায় আৰু লেনদেনৰ ক্ষেত্রত ডিজিটেল মুদ্রা ব্যৱহাৰ কৰা হ’ব৷

আৰ বি আইৰ তথ্য অনুসৰি চৰকাৰী ছিকিউৰিটিছ তথা চৰকাৰী বণ্ড ক্রয় আৰু বিক্রয়ৰ ক্ষেত্রত এই মুদ্রা বহুল পৰিমাণে ব্যৱহূত হ’ব৷ তদুপৰি খুচুৰা লেনদেনৰ ক্ষেত্রতো শীঘ্রেই এই ডিজিটেল মুদ্রা ব্যৱহাৰ কৰা হ’ব বুলি আৰ বি আয়ে প্রকাশ কৰিছে৷ বেংক বেলেঞ্চ চোৱাৰ দৰেই একেই পদ্ধতিৰে ৱালেটত এই ডিজিটেল মুদ্রাৰ বেলেঞ্চ চাব পাৰিব৷ ব্লকছ এণ্ড টেকনল’জী আধাৰিত চিবিডিচি ব্যক্তিগতভাৱেও আদায়ৰ ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰিব৷ আৰ বি আয়ে প্রকাশ কৰা মতে চিবিডিচি দুই ধৰণৰ৷ এটা হৈছে চিবিডিচি হোলছেল (চিবিডিচি পাইকাৰী) আৰু আনটো হৈছে চিবিডিচি ৰিটেইল (চিবিডিচি খুচুৰা)৷ চিবিডিচি পাইকাৰী বৃহৎ বিত্তীয় প্রতিষ্ঠান, বিশেষকৈ বেংক, বৃহৎ নন–বেংকিং বিত্তীয় কোম্পানী আৰু আন বিত্তীয় প্রতিষ্ঠানে ব্যৱহাৰ কৰিব৷ চিবিডিচি খুচুৰা প্রতিদিনে লেনদেনত সাধাৰণ জনতাই ব্যৱহাৰ কৰিব পাৰিব৷ প্রথমতে এই চিবিডিচি খুচুৰাৰ ব্যৱহাৰ নির্ধাৰিত স্থান আৰু বেংকত ব্যৱহাৰ কৰা হ’ব৷ খুচুৰা প্রকল্পত সকলো বয়সৰ লোকক অন্তর্ভুক্ত কৰা হ’ব৷ দেশৰ ডিজিটেল ট’কেন হৈছে চিবিডিচি৷ ব্যৱসায়িক লেনদেন ইয়াৰ জৰিয়তে উজু হৈ উঠিব৷ স্মার্ট ফোনৰ পৰা টকাৰ লেনদেন ক্ষিপ্র আৰু বাধামুক্ত হ’ব৷ তেনেদৰে জাল মুদ্রাৰ সমস্যাৰ পৰা ডিজিটেল মুদ্রাই সহায় কৰিব৷ নোট ছপা কৰা ব্যয়ও ইয়াৰ জৰিয়তে বচাব পৰা যাব৷ চিবিডিচিক ক্ষতি কৰিব নোৱাৰে৷ আৰবিআয়ে আজি প্রথম ডিজিটেল মুদ্রা মুকলি কৰি দেশৰ অর্থনৈতিক ক্ষেত্রখনত এক বৈপ্লৱিক জাগৰণৰ সূচনা কৰিলে৷

You might also like