নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজ মদাৰতলাৰ যুৱ ব্যৱসায়ী দিগন্ত কাকতিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ মদাৰতলাৰ যুৱ ব্যৱসায়ী দিগন্ত কাকতি (৪১)ৰ আকস্মিক মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে অঞ্চলজুৰি। উল্লেখ্য যে যোৱা ২২ জুনৰ দিনা ঘৰৰ বাথৰুমত হঠাৎ পিছলি পৰাত মূৰত প্ৰচণ্ড আঘাত পায় যুৱকজনে। ততাতৈয়াকৈ তেওঁক গুৱাহাটীৰ ডাউন টাউন হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও কালি পুৱা প্ৰায় এঘাৰ বজাত কৰুণ মৃত্যুক সাৱটি লয়। এখন ক্ষুদ্ৰ ধাবাৰ স্বত্বাধিকাৰী অত্যন্ত ভদ্ৰ, অমায়িক স্বভাৱৰ দিগন্ত কাকতিয়ে মৃত্যুৰ সময়ত এৰি যায় পত্নী, মাতৃ, তিনিজনকৈ জ্যেষ্ঠ ভাতৃৰ লগতে অসংখ্য গুণমুগ্ধক।

প্ৰেৰক লক্ষী ডেকা

You might also like