নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি অসমত কূটাঘাতেৰে দুষ্কৃতিকাৰীৰ কাপুৰুষালি

মুখ্যমন্ত্রীৰে গৃহমন্ত্রী শ্বাহৰ বার্তালাপঃ ডিজিপিক কঠোৰ পদক্ষেপৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৫ মে’: তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত এতিয়াও অব্যাহত আছে আলফা স্বাধীনৰ কূটাঘাত৷ তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তর্গত টিংৰাই বজাৰত শুকুৰবাৰে দুপৰীয়া প্রায় ১ বজাত এক ভয়ংকৰ গ্রেনেড বিস্ফোৰণৰ ঘটনাই সমগ্র তিনিচুকীয়া জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ল্লেখ্য যে ক’ৰোনা মহামাৰী সমগ্র মানৱ জাতিৰ বাবে বিপর্যয়ৰ এক কাৰণ হৈ থকাৰ সময়তে তিনিচুকীয়া জিলাত তিনি দিন আগত অসম–ৰুণাচল সীমান্তৱর্তী জাগুন কঠা আদর্শ গাঁৱৰ সমীপত উন্মুক্তভাৱে পৰি থকা গ্রেনেড বিস্ফোৰণ হৈ এজন বাৰ বছৰীয়া কিশোৰে প্রাণ ত্যাগ কৰিবলগীয়া হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ দিন–দুপৰতে ডিগবৈ টিংৰাই বজাৰৰ পোৰণ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ হার্ডৱেৰ দোকানৰ বাৰাণ্ডাত গ্রেনেড বিস্ফোৰণ হোৱা ঘটনাই আতংকৰ সৃষ্টি কৰিছে৷

বিস্ফোৰণস্থলীৰ কাষৰ প্রত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে, ক’ৰোনা মহামাৰীৰ বাবে চৰকাৰ তথা প্রশাসনে জাৰি কৰা নীতি–নির্দেশনা অনুসৰি দুপৰীয়া এক বজাত পোৰণ আগৰৱালা নামৰ ব্যৱসায়ীজনে নিজৰ হার্ডৱেৰ দোকান বন্ধ কৰিবলৈ জা–যোগাৰ কৰি থকাৰ সময়তে এজন যুৱক আহি দোকানখনৰ সন্মুখভাগত ৰৈ সামগ্রী ক্রয়ৰ বাবে হার্ডৱেৰখনৰ গৰাকীজনক কোৱাত ব্যৱসায়ী পোৰণ আগৰৱালাই দোকানখনৰ পৰা নিজে সামগ্রীবিধ উলিয়াবলৈ প্রতিষ্ঠানৰ ভিতৰত প্রৱেশ কৰে৷ তেনে সময়তে দোকানখনৰ বাৰাণ্ডাত ভয়ংকৰ শব্দ কৰি এক গ্রেনেড বিস্ফোৰণ হয়৷

বিস্ফোৰণৰ ফলত দোকানখনৰ কর্মচাৰী সুৰজিৎ তালুকদাৰ (২২), বিস্ফোৰিত হোৱা হার্ডৱেৰ দোকানখনৰ কাষৰ কাপোৰৰ দোকানী ঘনশ্যাম আগৰৱাল (৩২), গ্রাহক মঞ্জিত দাস (১৯) নামৰ তিনিজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে সন্দীপ সিং (২৫) নামৰ আন এজন লোক থিতাতে নিহত হয়৷ আহতসকলক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ ডিগবৈ অসামৰিক চিকিৎসালয়লৈ প্রাথমিক চিকিৎসাৰ বাবে প্রেৰণ কৰে যদিও তিনিজন লোকৰ অৱস্থা অধিক সংকটজনক হোৱা হেতুকে আটাইকে উন্নত চিকিৎসাৰ বাবে ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ চিকিৎসালয় পোৱাৰ কিছুসময় পাছতেই গুৰুতৰভাৱে আঘাতপ্রাপ্ত প্রতিষ্ঠানখনৰ কর্মচাৰী সুৰজিৎ তালুকদাৰ নামৰ লোকজনৰো মৃত্যু হয়৷ ঘটনা সংঘটিত হোৱাৰ কিছুসময় পাছতেই আৰক্ষী প্রশাসন, অর্ধসামৰিক বাহিনী আৰু ভাৰতীয় সেনাবাহিনীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনে দিন–দুপৰতে বজাৰৰ মাজমজিয়াত বিস্ফোৰণ সংঘটিত কৰিলে আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই৷

উল্লেখ্য যে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাখনত মাত্র এসপ্তাহৰ ভিতৰত দুটাকৈ গ্রেনেড বিস্ফোৰণৰ ঘটনাই তিনিচুকীয়া জিলাবাসী ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ বিস্ফোৰণৰ ঘটনাস্থলী সম্পর্কে বুজ ল’বলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা উপায়ুক্ত দিগন্ত শইকীয়া, ডিব্রুগড লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্রী সঞ্জয় কিষাণ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন উপস্থিত হৈ সমগ্র ঘটনাৰাজিৰ বুজ লোৱাৰ লগতে চৰকাৰ তথা আৰক্ষী প্রশাসনক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে৷ আনহাতে, এই সন্দর্ভত আলফাই সমগ্র ঘটনাৱলীৰ বিষয়ে অস্বীকাৰ কৰি এক প্রেছ বিবৃত্তি প্রেৰণ কৰিছে৷

You might also like