নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ চিকিৎসাৰ ধনেৰে প্রেমিকাক দিছিল দামী ম’বাইল–স্কুটী

নিয়মীয়া বাৰ্তা, ১৫ মে’: এটি শিশুৰ যকৃত সংৰোপণৰ বাবে কঠিন সংগ্রামৰ সন্মুখীন হোৱা পৰিয়ালৰ নামত সংগৃহীত ধনেৰে বাইক, টিভি প্রেমিকাক উপহাৰ দিয়া আদিত এজন প্রৱঞ্চকে খৰচ কৰাৰ বিষয়ে প্রকাশ পোৱাৰ পিছতে তীব্র ক্ষোভত ফাটি পৰিছে যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গ৷ জুবিনে এনে ঘৃণনীয় কামত জডিত যুৱকজনক ধিক্কাৰেৰে ওপচাই দিয়াৰ লগতে পোনতে শিশুটিৰ চিকিৎসা হৈ লওক তাৰ পিছত দেখা যাব বুলি মন্তব্য কৰিছে৷

লক্ষণীয় যে শুকুৰবাৰে আবেলিৰ ভাগত চৰাইদেউৰ সাপেখাতীৰ পৰা মঙলদৈলৈ লৈ অনা হয় শিশিৰ কুমাৰ গগৈক৷ হিউমেনিটী নামৰ স্বয়ম্ভু সংগঠনৰ সভাপতি শিশিৰ গগৈক দৰং আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে ধনৰ হিচাপ দিব লৈছে প্রৱঞ্চকটোৱে৷ মুঠতে প্রেমিকাসহ ৩টা বেংকৰ একাউণ্টত ছ’চিয়েল মিডিয়াযোগে লাভ কৰা প্রায় ৮ লাখ টকা জমা কৰি বিলাসী জীৱনৰ সম্ভাব্য আহিলা ক্রয়ত নামি পৰে৷ দৰঙৰ দেওমৰনৈ বাঘৰবাৰী গাঁৱৰ এটি শিশুৰ জটিল চিকিৎসাৰ বাবে ছ’চিয়েল মিডিয়াযোগে সংগৃহীত কেইবালাখ টকা কিদৰে চৰাইদেউ সাপেখাতীৰ শিশিৰ কুমাৰ গগৈয়ে ব্যয় কৰিছিল শুনিলে সকলোৱে ধিক্কাৰ দিব৷

প্রেমিকাক কেইবাহাজাৰ টকীয়া ম’বাইল, স্কুটী, এলইডি টিভি ইত্যাদি উপহাৰ দিয়াৰ লগতে নিজে বিলাসী বাইক, টিভি, কেইবাটাও ম’বাইলসহ কেইবালাখ টকা ঠিকাৰ কামত ব্যৱহাৰ কৰিছিল৷ আজি মঙলদৈ থানাত শিশিৰক হাজিৰ কৰোৱাৰ পিছতে মুখৰ পৰা ওলাই পৰে এপদ এপদকৈ সকলো তথ্য৷ তাতোকৈ গুৰুত্বপূর্ণ এয়ে যে শিশিৰে শিশুটিৰ পিতৃক নিতৌ মেছেজ কৰি প্রাপ্ত ধনৰ সীমিতাংশ সদৰী কৰিছিল আৰু অলপ সৰহকৈ জমা হ’লে একেলগে পঠিয়াই দিব বুলি প্রকাশ কৰিছিল৷ কিছু বেংকৰ নথি জালিয়াতি কৰাৰো আভাষ দিছে মৃদুল কলিতাই৷ কালি সন্ধিয়াতে সাপেখাতী থানাৰ দলে পাষণ্ডটোক কৰায়ত্ত কৰি জিম্মাত লৈছিল আৰু  দিনৰ ভাগত আদালতত হাজিৰ কৰোৱাই গধূলি মঙলদৈ পায়হি৷

মঙলদৈত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত আদালতত হাজিৰ কৰোৱা হ’ব আৰু আৰক্ষীয়ে জিম্মাত লয় নে ক’ভিডৰ পৰিস্থিতিৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে সেয়া নিশাহে স্পষ্ট হ’ব৷

You might also like