নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূল কংগ্ৰেছৰ প্ৰতি মোহভংগ : কংগ্রেছলৈ ঘূৰি আহিব ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ আগষ্টঃ ছাত্র ৰাজনীতিৰ পৰা মন্ত্রিত্ব লাভলৈকে দীঘলীয়া সময় কংগ্রেছত থাকি ৰাজনৈতিক সুবিধা লাভৰ লক্ষ্যৰে তৃণমূল কংগ্রেছত যোগদান কৰা ৰাজ্যসভাৰ প্রাক্তন সাংসদ, মন্ত্রী ৰিপুণ বৰাই কংগ্রেছলৈ উভতি আহিব বিচাৰিছে৷ ২০২২ চনত কংগ্রেছ এৰি মমতা বেনার্জীৰ তৃণমূল কংগ্রেছত যোগদান কৰা ৰিপুণ বৰাই যোৱা সময়ছোৱাত তৃণমূল কংগ্রেছত অসমৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰি আছিল৷ তৃণমূল কংগ্রেছক সেই সময়ছোৱাত শক্তিশালী কৰাৰ লক্ষ্যৰে দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে যথেষ্ট সক্রিয় হৈ থকা ৰিপুণ বৰাৰ শেহতীয়াকৈ মোহভংগ ঘটিছে৷ লোকসভা নির্বাচনত বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি নিজাববীয়াকৈ প্রার্থী ঘোষণা কৰা ৰিপুণ বৰাই নির্বাচনী ফলাফলৰ পিছতে দলটোৰ পৰা আঁতৰি অহাৰ চিন্তা–চর্চা আৰম্ভ কৰে৷ অৱশ্যে শেহতীয়াকৈ তৃণমূল কংগ্রেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এনে সম্ভাৱনাক অস্বীকাৰ কৰিলেও লোকসভা নির্বাচনত কংগ্রেছে লাভ কৰা জনসমর্থনৰ পাছতে ৰিপুণ বৰাই কংগ্রেছত যোগদানৰ কথা আওপকীয়াকৈ কেইবাজনো কংগ্রেছীক ব্যক্ত কৰাৰ পাছত বিষয়টোৱে চর্চা লাভ কৰিছে৷ প্রদেশ কংগ্রেছৰ সূত্রই প্রকাশ কৰা অনুসৰি ৰিপুণ বৰাক দললৈ ওভতাই অনাৰ ক্ষেত্রত দলৰ শীর্ষ নেতৃত্বই একপ্রকাৰ সন্মতি প্রকাশ কৰিছে৷ আনকি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰায়ো অতি সোনকালে ৰিপুণ বৰাক দললৈ ওভতাই অনাৰ বাবে সেউজ সংকেত প্রদান কৰা বুলি জানিব পৰা গৈছে৷ প্রদেশ কংগ্রেছৰ নেতৃত্বই গ্রহণ কৰা এনে ইতিবাচক মনোভাবৰ পাছতে ৰিপুণ বৰাই অতি সোনকালে দলৰ শীর্ষ নেতা জিতেন্দ্র সিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ জিতেন্দ্র সিঙৰ জৰিয়তে নিখিল ভাৰত কংগ্রেছ কমিটীক এইক্ষেত্রত সন্মত কৰিব পাৰিলেই ৰিপুণ বৰাৰ কংগ্রেছ প্রত্যাৱর্তন মসৃণ হৈ পৰিব৷ চলিত বর্ষৰ শেষৰ ভাগত পুনৰ কংগ্রেছত দেখা যাব পাৰে ৰিপুণ বৰাক৷

You might also like