পৰ্বতঝোৰাত ভৈয়াম জনজাতিৰ লোকৰ মাজত সাহায্য বিতৰণ
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : আজি কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ “ছাব-ডিভিজ’নেল চেণ্টাৰ”ত ভৈয়াম জনজাতিৰ দুখীয়া লোকসকলৰ মাজত এক সাহায্য বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। পৰ্বতঝোৰা মহকুমাৰ আই টি ডি পিৰ প্ৰকল্প সঞ্চালকৰ উদ্যোগত আৰু পৰ্বতঝোৰা ছাব-ডিভিজ’নেল চেণ্টাৰত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন বিধায়ক তথা এ পি টি ডি চি এলৰ ভাইচ চেয়াৰমেন বনেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু টি চি এল চি চিৰ চেয়াৰমেন উত্তম কুমাৰ হাজোৱাৰী। আই টি ডি পিৰ পৰিদৰ্শক প্ৰণৱ কুমাৰ বোসে আঁত ধৰা আজিৰ সভাখনত একাংশ হিতাধিকাৰীৰ মাজত আটাৰ মিল, স্প্ৰে’ মেচিন, খেতিৰ বিভিন্ন সঁজুলি, ফেছন ডিজাইন চিলাই মেচিন, প্ৰেছাৰ কুকাৰ, এল পি জি গেছ ষ্ট’ভ, ষ্ট্ৰীট ভেণ্ডৰ কিট, ঘৰুৱা স্বাস্থ্য সচেতনতা সঁজুলি আদি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে যিসকল হিতাধিকাৰীৰ নাম বৰ্তমান তালিকাভুক্ত হৈ আছে, তেওঁলোকৰ মাজত কিছুসংখ্যককহে এই সাহায্যসমূহ বিতৰণ কৰা হৈছে। বাকীসকলে আই টি ডি পিৰ কাৰ্যালয়ৰ পৰা নিজৰ ভাগৰ সাহায্যসমূহ সংগ্ৰহ কৰিব পাৰিব। হিতাধিকাৰীসকলক সাহায্যসমূহ বিতৰণ কৰি বিধায়ক নিজানুৰ ৰহমানে সাহায্য সামগ্ৰীসমূহৰ উচিত ব্যৱহাৰ আৰু স্বনিয়োজন সন্দৰ্ভত চমু তথা সাৰুৱা বক্তব্য ৰাখে। আজিৰ সভাখনত হিতাধিকাৰীসকলৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা একাংশ সচেতন ব্যক্তি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী