লাহৰীঘাটত বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত সহায়ক উপকৰণ প্ৰদান
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু এলিমকোৰ জৰিয়তে আজি লাহৰীঘাটত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত সহায়ক উপকৰণ প্ৰদান কৰা হয়। লাহৰীঘাট শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সহযোগত এই উদ্দেশ্যে আজি লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ ৰাজহুৱা ভৱনত এখন শুভাৰম্ভণি সভা অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে আনুষ্ঠানিকভাৱে ২০গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত সহায়ক উপকৰণ হিচাপে হুইল চেয়াৰ, ট্ৰাই চাইকেল আদি সামগ্ৰী প্ৰদান কৰে। অনুষ্ঠানটোত বিধায়কগৰাকীৰ লগতে লাহৰীঘাট খণ্ডৰ উন্নয়ন বিষয়া মণিতা দাস ৰংহাং, শিশু উন্নয়ন প্ৰকল্পটোৰ বিষয়া জিতু ডেকা,গাণনিক বিষয়া ৰণ্টু ঠাকুৰীয়াৰ লগতে কেইবা গৰাকীও মুখ্য সেৱিকা উপস্থিত থাকে। উল্লেখ্য যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু এলিমকোয়ে আগন্তুকত শিশু উন্নয়ন প্ৰকল্পটোৰ অধীনত দুই শতাধিক বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত সহায়ক উপকৰণ বিতৰণ কৰিব।তাৰেই অংশ হিচাপে আজি উন্নয়ন খণ্ডটোৰ শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এই শুভাৰম্ভৰণি অনুষ্ঠানটো অনুষ্ঠিত হয় বুলি প্ৰকল্প বিষয়া জিতু ডেকাই সংবাদ মাধ্যমক জনায়।
প্ৰেৰক আবুল কালাম