দীপাৱলীত ছয়গাঁৱত জুৱা খেল: আৰক্ষীয়ে খেদাত পুখুৰীত পৰি এজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ জুৱাৰীৰ সন্দেহত আৰক্ষীয়ে খেদি যোৱাৰ মাজতে পুখুৰীত পৰি এজন লোকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্র কৰি উত্তাল হৈ পৰিছে ছয়গাঁও৷ যোৱানিশা এই ঘটনা সংঘটিত হয় দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ আন্ধেৰীত৷
জানিব পৰা মতে, ৰবীন দাস নামৰ ব্যক্তিজনে নিশা আৰক্ষীক দেখি পলোৱাৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি যায়৷ দুর্ভাগ্যবশতঃ লোকজন এটা পুখুৰীত পৰি যায়৷ আৰক্ষীয়ে লোকজনক উদ্ধাৰৰ চেষ্টা নকৰি টর্চ মাৰি ওলোটাই ভয় দেখুওৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ ইয়াৰ ফলতে পুখুৰীত কিছু সময়ৰ পাছত ৰবীন দাসে মৃত্যুক আঁকোৱালি লয়৷ উল্লেখ্য যে দীপাৱলীৰ সময়তে সংঘটিত এই ঘটনাই অঞ্চলটোত উত্তেজনা সৃষ্টি কৰে৷ দীপাৱলীত বহা জুৱাৰ আড্ডাই পৰিৱেশ বিনষ্ট কৰাক লৈও স্থানীয় ৰাইজে তীব্র অসন্তুষ্টি প্রকাশ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱানিশা আন্ধেৰীৰ স্থানীয় লোকে উক্ত অঞ্চলত জুৱা খেল হৈ থকা সন্দর্ভত ছয়গাঁও আৰক্ষীক অৱগত কৰে৷ ইয়াৰ পাছতে ছয়গাঁও থানাৰ সহকাৰী উপ–পৰিদর্শকসহ এটা আৰক্ষীৰ দল গৈ উক্ত স্থানত অভিযান চলাই দুজন জুৱাৰীক আটক কৰে৷ আন কেইবাজনো লোকে আৰক্ষীক দেখা মাত্রকে পলায়ন কৰে৷ আৰক্ষীয়ে আটক কৰা লোক দুজন হ’ল আন্ধেৰীৰ সঞ্জয় দাস আৰু কৰুণাকান্ত দাস৷ উক্ত লোক দুজনৰ সৈতে আৰক্ষীয়ে খেলৰ ৫টা গুটি, পেপাৰ, টকা আৰু প্লেট এখন জব্দ কৰিবলৈ সক্ষম হয়৷
আনহাতে, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ৰবীন দাস নামৰ লোকজনে লগৰীয়াৰ সৈতে যোৱানিশা প্রায় ১০ বজাত আন্ধেৰী চ’কত পথৰ দাঁতিত বহি থকা সময়তেই ছয়গাঁৱৰ টহলদাৰী আৰক্ষীয়ে আহি জুৱা খেলি থকা বুলি খেদি যায়৷ সকলোৱে ভয়তে পলাই পত্রং দিয়ে যদিও ৰবীন দাস নামৰ লোকজনে ওচৰতে থকা ৰাজহুৱা পুখুৰীত পৰি যায়৷ আজি পুৱা ৰবীন দাসৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱাৰ লগে লগেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷
আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীক ঘেৰাও কৰি ৰাইজে উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে৷ পাছত কামৰূপ জিলাৰ উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ লগতে উক্ত স্থানত আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইয়াৰ পাছতে এছ ডি আৰ এফৰ দল উপস্থিত হৈ পুখুৰীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে৷ এই ঘটনা সন্দর্ভত উত্তেজিত জনতাই আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানো দিয়ে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰবীন দাস নামৰ লোকজন পুখুৰীত পৰা বুলি জানিব পাৰিও আৰক্ষীয়ে উদ্ধাৰ নকৰি উক্ত স্থানৰ পৰা গুচি যায়৷ স্থানীয় ৰাইজে ইয়াৰ বাবে উচিত তদন্ত বিচাৰিছে৷