নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি স্বগৃহলৈ উৰিত পাক সেনাৰ বর্বৰতাৰ বলি হোৱা হৰধন চন্দ্র ৰায়ৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰত দেশমাতৃৰ হকে প্রাণ আহুতি দিলে অসম সন্তান হৰধন চন্দ্র ৰায়ে৷ বিলাসীপাৰা মহকুমাৰ ফুটকিবাৰীৰ মেধিপাৰা গাঁৱৰ বাসিন্দা টংকেশ্বৰ ৰায়ৰ একমাত্র পুত্র হৰধন চন্দ্র ৰায়ে ২০০১ চনত ভাৰতীয় সেনাবাহিনীৰ ৫৯ আর্টিলাৰী ফৰৱার্ড ৰেজিমেণ্টত যোগদান কৰিছিল৷ ভাৰতৰ বিভিন্ন স্থানত নিজৰ কর্তব্য সম্পাদন কৰা সেনা জোৱানজনক দুমাহ পূর্বে জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰত নিয়োজিত কৰা হৈছিল৷ কিন্তু যুদ্ধবিৰতি উলংঘন কৰি পাক সেনাই চলোৱা অপ্রৰোচিত আক্রমণত হৰধন চন্দ্র ৰায়ৰ লগতে তিনিজনকৈ সেনাবাহিনীৰ জোৱান, আন কেইবাজনো অসামৰিক লোক নিহত হয়৷ ভাৰতীয় সেনাৰ প্রত্যাক্রমণত কমেও ৮জন পাক সেনাও নিহত হয়৷

ইফালে, সেনা জোৱানজনৰ মৃত্যুৰ বাতৰিৰ পাছতে তেওঁৰ ঘৰত আত্মীয়–স্বজনৰ লগতে অগণন লোক উপস্থিত হয়৷ আচম্বিত ঘটনাটোত পৰিয়ালটোত এক অবর্ণনীয় পৰিস্থিতি সৃষ্টি হয়৷ বীৰ শ্বহীদ হৰধন ৰায়ৰ ঘৰত স্থানীয় বিধায়ক অশোক কুমাৰ সিংহী, ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ছৰফৰাজ হক, বিলাসীপাৰাৰ মহকুমাধিপতি মৃদুল যাদৱ, মহকুমা আৰক্ষী বিষয়া ভার্গৱ মুনি দাসৰ লগতে প্রশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন দল–সংগঠনৰ লোক উপস্থিত হৈ শোকত ভাগি পৰা পৰিয়ালটোক সাত্ব্ন্না দিয়াৰ লগতে সমবেদনা জ্ঞাপন কৰে৷

প্রয়াত জোৱানজনৰ নশ্বৰ দেহ আজি নিজ গৃহলৈ অনা হ’ব আৰু সামৰিক মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব৷

উল্লেখ্য যে তিনি বছৰ পূর্বে বিবাহপাশত আবদ্ধ হোৱা হৰধনৰ এটি ডেৰ বছৰীয়া পুত্র সন্তান আছে৷ শ্বহীদ জোৱানজনে পত্নীৰ লগতে পিতৃ–মাতৃ আৰু তিনিগৰাকী ভগ্ণীক এৰি থৈ যায়৷ আনহাতে, এইবাৰ ছুটীত ভগ্ণীক বিয়া দিয়াৰ ব্যৱস্থা কৰিব বুলি আত্মীয়–স্বজনক ব্যক্ত কৰিছিল হৰধনে৷ কিন্তু তেওঁৰ সেই সপোন পূৰণ নহ’ল৷ পাক সেনাৰ বর্বৰতাত প্রাণ আহুতি দিয়া বীৰ জোৱানজনৰ পৰিয়ালৰ দুজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ লগতে এককালীন সাহায্য প্রদান কৰিবলৈ চৰকাৰক দাবী জনায় কেন্দ্রীয় আক্রাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে৷ মেধিপাৰাত শোকাকুল পৰিৱেশৰ মাজতে একাংশ জনতাই পাকিস্তান মুর্দাবাদ ধ্বনি দিয়ে৷

You might also like