নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত মহিলাৰ অন্তৰ্বাসৰ তলত বৃহৎ পৰামাণৰ ড্ৰাগছ-ভাং উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী  সামগ্ৰীৰ বিৰুদ্ধে যিমান অভিযান চলিছে সিমানেই  বৃদ্ধি পাইছে  নিচাজাতীয় দ্ৰব্য তথা ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ । অসাধু ব্যৱসায়ীয়ে ব্যৱহাৰ কৰিছে এনে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ অভিনৱ কৌশল ।  মাৰ্ঘেৰিটাত আজি দেখা গ’ল তেনে এক অভিনৱ কৌশল । পেটিকোতৰ তলত ওলাল টেমাই  টেমাই  ড্ৰাগছ আৰু গাঞ্জা । এগৰাকী মহিলাৰ পৰিধান কৰা পেটিকোতৰ  তলত ওলাল সৰু সৰু বাকছত ড্ৰাগছ তথা গাঞ্জা । পেটিকোটৰ তল অংশত  চিলাই কৰি লৈ অনা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু  গাঞ্জা । গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটা লিডু অভিমুখে অহা ইন্টাৰ চিটিৰ জড়িয়তে ববিতা শইকীয়া নামৰ মহিলাৰ সৈতে এন ইংচা সিং নামৰ এজন ব্যক্তিয়ে  আনিছিল ড্ৰাগছখিনি ।

মনিপুৰৰ পৰা ড্ৰাগছ আৰু গাঞ্জাখিনি সৰবৰাহ কৰা বুলি প্ৰকাশ । মাৰ্ঘেৰিটা আৰক্ষীয়ে এক গোপনসূত্ৰৰ পমখেদি অভিযান চলায়।  তিনিচুকীয়াৰ পৰাই ট্ৰেইনৰে অনুসৰণ কৰি আহি মাৰ্ঘেৰিটা ৰেল ষ্টেচনত দুয়োকে আটক কৰে । অভিযানত ৫ কিঃগ্ৰাঃ ২০০ গ্ৰাম গাঞ্জাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌চ (১১৬.৯৯ গ্ৰাম)।  ইতিমধ্যে নৱনিযুক্ত মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে মাৰাত্মক ড্ৰাগ্‌চৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে ড্ৰাগ্‌চ ব্যৱসায়ৰ লগত জড়িত মহিলা সহ নিছাযুক্ত সামগ্ৰীখিনি জব্দ কৰি মাৰ্ঘেৰিটা থানাত এন ডি পি এচৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। অবৈধ ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

You might also like