নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ চাহ বাগিচাত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ তিতাবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাত আজি বিয়লি চাহ শ্ৰমিক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এক সজাগতা আৰু অনুপ্ৰেৰণামূলক অনুষ্ঠান অনুষ্ঠিত হয় । কঠালগুৰি চাহ বাগিছাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বাগিছাৰ শ্ৰমিকসকল আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই সজাগতা আৰু অনুপ্ৰেৰণামূলক অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে এই বৰ্ষৰ অসম অসামৰিক সেৱা পৰীক্ষাত উৰ্ত্তীণ হোৱা কঠালগুৰি চাহ বাগিছাৰ সন্তান হৰিচৰণ ভূমিজ আৰু তেখেতৰ মাতৃ লক্ষ্মী ভূমিজে । দুয়ো উপস্থিত শ্ৰমিক আৰু ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । চি আৰ চি চি প্ৰাণজীত বৰকাকতিয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি তিতাবৰ মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসে কেৱল শিক্ষাৰ দ্বাৰাহে সকলো প্ৰকাৰৰ উন্নতি সম্ভৱ বুলি মন্তব্য কৰে । প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু শ্ৰমিক উপস্থিত থকা অনুষ্ঠানটোত বাগিছাখনৰ পৰিচালক নিবিৰ বৰা, কঠালগুৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য মহেশ্বৰ গুৱালা, কঠালগুৰি বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক তুলতুল শইকীয়া, নাৰায়ণ গোৱালা আদিকে ধৰি বাগিছাৰ শ্ৰমিক সংঘৰ বিষ়ববীয়াসকলে অংশগ্ৰহণ কৰে ।

You might also like