নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত ঘৰৰ তলা ভাঙি দুগৰাকী যুৱতীক আক্ৰমণ দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ১১ নবেম্বৰঃ আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত পাটাছাৰকুছি পৌৰসভাৰ অন্তৰ্গত ২নং ৱাৰ্ডৰ খনীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত দুবৃত্তই ঘৰৰ পিচফালৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি ভিতৰত পঢ়ি থকা দুগৰাকী ছোৱালীক আক্ৰমণ কৰি আহত কৰে৷ ইয়াৰ পিচতে দুৰ্বত্তই পলায়ন কৰে৷ ঘটনাৰ বিৱৰনী অনুসৰি আজি সন্ধিয়া খনীন্দ্ৰ নাথ শৰ্মাই বজাৰলৈ আৰু ঘৈনীয়েকে পাটাছাৰকুছিত চলি থকা ৰাস চাবলৈ গৈছিল৷ ঘৰত থকা দুই কন্যাক ঘৰ আৰু গেটত তলা মাৰি থৈ গৈছিল৷ এনে সময়তে দুবৃত্তই পিছ ফালেৰে তলা ভাঙি ঘৰত প্ৰৱেশ কৰে৷ তাৰ পিচতে ভিতৰত পঢ়ি থকা সৰু ছোৱালী বহ্নিৰূপা শৰ্মা ক (১৮)আক্ৰমণ কৰি গুৰুতৰ ভাবে আঘাট কৰে৷ ইয়াৰ পিচতে ঘটনাৰ আকস্মিকতাত অন্য কোঠাত পঢ়ি থকা থকা ছোৱালী শতৰূপা শৰ্মাই(২২) আগুৱাই অহাত তেওঁকো দুবৃত্তই আক্ৰমন কৰি মুৰত আঘাট কৰে৷ তাৰ পিচত দুবৃত্তই পলায়ন কৰে৷ এনে ঘটনাত অঞ্চলতোত এক চাঞ্চল্যৰ সৃষ্টি হয়৷ সন্ধিয়া সময়তে এনে ঘটনাত স্থানীয় লোকে এক নিৰাপত্তাহীনতাত ভূগিছে৷ ইয়াৰ পিচতে পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ জ্যোতি পাটিৰী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে৷ ইতিমধ্যে আহত দুয়োজনী গাভৰু ছোৱালীকে পাঠশালা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে কালি নিশাও পাটাছাৰকুছি বজাৰৰ এখন হাৰ্ডৱেৰ দোকানত চুৰি কাৰ্য সংঘটিত হৈছিল৷

You might also like